আজি ভাৰত জোড়ো যাত্ৰাৰ তৃতীয় দিন। ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম বিধানসভা সমষ্টিৰ মইনা বজাৰৰ পৰা মাছপাৰা লৈ হয় এই যাত্ৰা।
যাত্ৰা আৰম্ভৰ প্ৰাক মুহূৰ্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই চৰকাৰী আবকাৰী নীতি কঠোৰ সমালোচনা কৰে। তেওঁ কয়- বিগত ছয় বছৰে শাসকীয় চৰকাৰখনে ৰাইজক মদৰ নামত বিষ খোৱাই আছিল নেকি? কাৰণ এতিয়াহে চৰকাৰে ক'বলৈ ধৰিছে পাঁচশখন মদৰ দোকান দি ৰাইজক ভাল মদ খুৱাব। এয়াই কি বিজেপিৰ ভিজন ডকুমেন্ট নেকি?
এই সমগ্ৰ কাণ্ডত এআইডিএফৰ দৰে এটি দল নিশ্চুপ হৈ থকাটোৱে দলটো বিজেপিৰ যে গোপন মিত্ৰ, সেয়া স্পষ্ট কৰি দিছে। কাৰণ আজমলে মদৰ দোকানৰ বিৰুদ্ধে মাত মাতিলেই চৰকাৰে আজমলৰ আগৰৰ ব্যৱসায় বন্ধ কৰি দিব।
কেৱল দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনে নহয় প্ৰতিটো ক্ষেত্ৰতে বিজেপি চৰকাৰখনে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক বাঞ্চাল কৰিবলৈ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে।
কাৰণ প্ৰায় দুমাহ পূৰ্বে ভাৰত জোড়ো যাত্ৰা ঘোষণা কৰাৰ পিছতো কিদৰে কোনোধৰণৰ সৰ্বদলীয় বৈঠক নপতাকৈ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা হৈছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|