মুখ্যপৃষ্ঠা »খবৰ »অসম »Jorhat News: চুৰি কৰিবলৈ আহি যোৰহাটত দোকানৰ ভিতৰত চোৰে উদযাপন কৰিলে জন্মদিন!

Jorhat News: চুৰি কৰিবলৈ আহি যোৰহাটত দোকানৰ ভিতৰত চোৰে উদযাপন কৰিলে জন্মদিন!

যোৰহাট নগৰৰ মাজমজিয়াত দুখন দোকানৰ চাটাৰ কাটি চোৰে চলায় লুটপাত

যোৰহাট নগৰৰ মাজমজিয়াত দুখন দোকানৰ চাটাৰ কাটি চোৰে চলায় লুটপাত

যোৰহাট নগৰৰ মাজমজিয়াত দুখন দোকানৰ চাটাৰ কাটি চোৰে চলায় লুটপাত

  • Share this:
এইবাৰ যোৰহাটত আৰক্ষীক মুকলি প্ৰত্যাহ্বান চোৰৰ দলৰ। যোৰহাট নগৰৰ মাজমজিয়াত ব্যৱসায় প্ৰতিষ্ঠানৰ চাটাৰ কাটি লুটপাত চলালে চোৰৰ দলে। কিন্তু কেৱল চুৰি কৰিয়েই ক্ষান্ত নাথাকিল চোৰৰ দলটো। দোকানৰ ভিতৰত হাতত কেক লৈ ফটো তুলি স্ফুৰ্তিত আপোনপাহৰা হৈ পৰিল চোৰৰ দলটো। যেন তেওঁলোকে জন্মদিনহে উদযাপন কৰিছে। চোৰৰ দলৰ এই কাণ্ডই এতিয়া চকু কপালত তুলিছে সকলোৰে।

যোৰহাটত নগৰৰ বৰুৱা চাৰিআলিৰ সমীপৰ মনীষা বেকাৰীত মঙলবাৰে নিশা চোৰৰ দলে এই দুঃসাহসিক চুৰিকাণ্ড সংঘটিত কৰে। নিশা ১২ বজাৰ পিছতে চাটাৰৰ লক কাটি দোকানৰ ভিতৰত প্ৰৱেশ কৰে চোৰৰ দলটো। কিন্তু চিচি কেমেৰাৰ ফুটেজ দেখি আচৰিত হৈ পৰিছে সকলো। কাৰণ দোকানৰ ভিতৰত চোৰে যেন উদযাপন কৰিলে জন্মদিন! হাতত কেক লৈ চোৰে তুলিলে ফটো। দোকানৰ কেচবক্সত থকা ১২ হাজাৰ নগদ ধন লৈ যোৱাৰ লগতে ব্যৱসায় প্ৰতিষ্ঠানটোৰ বহুখিনি অনিষ্ট কৰি থৈ যায় চোৰৰ দলটোৱে।

নিশা ১২ বজাৰ পিছত দুখন দোকানৰ চাটাৰ কাটি দোকানৰ ভিতৰত প্ৰৱেশ কৰি পুৱতি নিশালৈকে লুটপাত চলায় চোৰৰ দলটোৱে। মনীষা বেকাৰীৰ কাষৰ এখন ফাৰ্মাচীতো চোৰৰ দলটোৱে লুটপাত চলায়। এই সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য বন্দী হৈ ৰয় চিচি কেমেৰাত।



২০১৮ চনতো এই ব্যৱসায় প্ৰতিষ্ঠানটোত চুৰি হৈছিল। ঘটনা সন্দৰ্ভত যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে দোকানৰ গৰাকীয়ে। যোৰহাট নগৰৰ মাজমজিয়াত আৰক্ষীৰ চকুত ধূলি দি এনেদৰে চোৰে চুৰি কাণ্ড সংঘটিত কৰাত চিন্তিত হৈ পৰিছে জনসাধাৰণ।

শেহতীয়া বাতৰি