உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ড্ৰাগছ লাগে ড্ৰাগছ! নাপাই আৰক্ষীৰ বাহনতে আত্মহত্যা কৰিবলৈ গলত লগালে কেঁচীঃ নগাঁৱৰ ড্ৰাগছ আসক্ত গভাইত চোৰৰ কাণ্ড

    ড্ৰাগছ লাগে ড্ৰাগছ! নাপাই আৰক্ষীৰ বাহনতে আত্মহত্যা কৰিবলৈ গলত লগালে কেঁচীঃ নগাঁৱৰ ড্ৰাগছ আসক্ত গভাইত চোৰৰ কাণ্ড

    আৰক্ষীয়ে ড্ৰাগছ আসক্ত ৱাক্কিলৰ পৰা উদ্ধাৰ কৰে বহু চুৰি সামগ্ৰীৰ লগতে কেমেৰা, লেপটপ, সোণৰ অলংকাৰ, ইনভাৰটাৰ, বেটেৰী আৰু বহু সামগ্ৰী।

    আৰক্ষীয়ে ড্ৰাগছ আসক্ত ৱাক্কিলৰ পৰা উদ্ধাৰ কৰে বহু চুৰি সামগ্ৰীৰ লগতে কেমেৰা, লেপটপ, সোণৰ অলংকাৰ, ইনভাৰটাৰ, বেটেৰী আৰু বহু সামগ্ৰী।

    আৰক্ষীয়ে ড্ৰাগছ আসক্ত ৱাক্কিলৰ পৰা উদ্ধাৰ কৰে বহু চুৰি সামগ্ৰীৰ লগতে কেমেৰা, লেপটপ, সোণৰ অলংকাৰ, ইনভাৰটাৰ, বেটেৰী আৰু বহু সামগ্ৰী।

    • Share this:

    ড্ৰাগছে অসমৰ যুৱপ্ৰজন্মক কিদৰে গ্ৰাস কৰি আনিছে, তাৰ প্ৰমাণ পোৱা গৈছে এইকেইদিনত অসম আৰক্ষীয়ে মাৰাত্মক মাদক দ্ৰব্যবিধক লৈ চলোৱা অভিযানত। শেহতীয়াকৈ ড্ৰাগছজনিত এক ঘটনা পোহৰলৈ আহিছে নগাঁৱত।  ঘটনাৰ বিৱৰণী মতে, আজি পুৱা নগাঁও চহৰৰ মৰিকলংস্থিত নগাঁও ৰে'ল ষ্টেচনত  চুৰি সামগ্ৰীসহ এটা ৪জনীয়া চোৰৰ দল ৰৈ থকাৰ খবৰ পাই গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীক খবৰ দিয়ে। গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীৰ সহযোগত চোৰকেইটাক আটক কৰাৰ চেষ্টা চলাই যদিও ইয়াৰে ৩টা চোৰে পলায়ন কৰে। কিন্তু গাঁওৰক্ষী বাহিনীয়ে খেদি খেদি আটক কৰে মহম্মদ ৱাক্কিল ভূঁঞা নামৰ চোৰটোক।


    আৰক্ষীয়ে ৱাক্কিলৰ পৰা উদ্ধাৰ কৰে বহু নামঘৰৰ পৰা চুৰি হোৱা সামগ্ৰীৰ লগতে কেমেৰা, লেপটপ, সোণৰ অলংকাৰ, ইনভাৰটাৰ, বেটেৰী, ২খন ডেগাৰ আৰু বহু সামগ্ৰী। কিন্তু আৰক্ষীয়ে ধৃত ৱাক্কিলক আৰক্ষীৰ বাহনত উঠোৱাৰ পিছতে ড্ৰাগছ বিচাৰি তেওঁ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ৱাক্কিলে আনকি এখন কেঁচীৰে নিজৰ ডিঙিত আঘাত কৰি আত্মহত্যাৰো চেষ্টা কৰে।  মৰিকলং আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জুশ্ৰী কলিতাই ৱাক্কিলৰ হাতৰ পৰা কেঁচীখন কাঢ়ি লৈ ৱাক্কিলৰ প্ৰাণৰক্ষা কৰে।  ৱাক্কিলৰ অপ্ৰকৃতস্থ ব্যৱহাৰৰ পৰা আৰক্ষী নিশ্চিত হয় যে ৱাক্কিল এটা ড্ৰাগছ আসক্ত আৰু কেৱল ড্ৰাগছৰ বাবেই চুৰি-ডকাইতি আদি অপৰাধজনিত কাৰ্যকলাপৰ সৈতে জড়িত হৈ পৰিছিল।


    বৰ্তমান আৰক্ষীয়ে ৱাক্কিলৰ সৈতে থকা আন ৩টা চোৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। কিন্তু ড্ৰাগছৰ বাবেই যে বৰ্তমান নগাঁৱৰ যুৱপ্ৰজন্ম বহু অপৰাধজনিত কাৰ্যকলাপৰ সৈতে জড়িত হৈ পৰিছে সেয়া আজিৰ ঘটনাৰ পৰা পুনৰ প্ৰমাণ হৈ পৰিছে।

    Published by:Gautam Barman
    First published: