লগত লেপটপ লৈ ঘুৰি ফুৰে নেকি? সাৱধান হওক! আপোনাৰ লেপটপত শেন চকু পৰব পাৰে কুখ্যাত চোৰৰ।

News18 Assam | News18-Assam
Updated:April 13, 2021, 6:29 PM IST
লগত লেপটপ লৈ ঘুৰি ফুৰে নেকি? সাৱধান হওক! আপোনাৰ লেপটপত শেন চকু পৰব পাৰে কুখ্যাত চোৰৰ।
হোজাই ষ্টেচনত তেজশ এক্সপ্ৰেছত যাত্ৰীৰ লেপটপ চুৰি। আৰক্ষীৰ তৎপৰতাত ধৰা পৰিল চোৰ।

হোজাই ষ্টেচনত তেজশ এক্সপ্ৰেছত যাত্ৰীৰ লেপটপ চুৰি। আৰক্ষীৰ তৎপৰতাত ধৰা পৰিল চোৰ।

  • Share this:
ৰে'লত যাত্ৰা কৰা ৰে'ল যাত্ৰী সকল হওক সাৱধান! সাৱধান নহ'লে ৰে'ল যাত্ৰাৰ পথত ৰে'লত পিটপিটাই থকা চোৰে লুটিব পাৰে আপোনাৰ মূল্যৱান লেপটপটো। তেনে এক ঘটনা হোজাইত সংঘটিত হয় আজি।

তেজশ এক্সপ্ৰেছেৰে ধৰ্মপূৰৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰা চন্দন দাস নামৰ যাত্ৰীজনৰ মূল্যৱান লেপটপটো চুৰি হয়। হোজাই ষ্টেচনত ৰে'লখন আহি পোৱাৰ মূহূৰ্ততে আগৰে পৰা টাৰ্গেট কৰি থকা চোৰে চুৰি কৰি নিয়ে লেপটপটো।

পিছে চোৰৰ প্ৰতি সুপ্ৰসন্ন নাছিল ভাগ্য। ৰে'ল যাত্ৰী আৰু  ৰে'ল আৰক্ষীৰ তৎপৰতাত লেপটপসহ ধৰা পৰে এটা চোৰ। কঁচুৱা ডালিমবাৰীৰ মজিবুৰ ৰহমান নামৰ চোৰটোক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে লেপটপটো উদ্ধাৰ কৰে।

ধৃত চোৰ মজিবুৰ ৰহমানে পূৰ্বেও ৰে'লত এনেদৰে চুৰি কৰা বুলি সৈ কাঢ়িছে। ৰে'ল আৰক্ষীয়ে ঘটনা সংক্ৰান্তত এক গোচৰ ৰুজু কৰিছে আৰু ধৃত চোৰটোক বুধবাৰে আদালতত হাজিৰ কৰোৱা হ'ব।
Published by: Manjumoni Borah
First published: April 13, 2021, 6:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি