• Home
  • »
  • News
  • »
  • assam
  • »
  • Thief : ৰঙিয়াত ৬টাকৈ পানী যোগান আঁচনিত চোৰৰ চাফাই অভিযান, সৌৰ পেনেল চুৰি কৰাত কৃষকৰ হাহাকাৰ

Thief : ৰঙিয়াত ৬টাকৈ পানী যোগান আঁচনিত চোৰৰ চাফাই অভিযান, সৌৰ পেনেল চুৰি কৰাত কৃষকৰ হাহাকাৰ

দুৰ্বৃত্তই চুৰি কৰি নিলে জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনিৰ সৌৰ শক্তি উৎপাদন কৰা ৯ খনকৈ প্লেট

দুৰ্বৃত্তই চুৰি কৰি নিলে জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনিৰ সৌৰ শক্তি উৎপাদন কৰা ৯ খনকৈ প্লেট

দুৰ্বৃত্তই চুৰি কৰি নিলে জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনিৰ সৌৰ শক্তি উৎপাদন কৰা ৯ খনকৈ প্লেট

  • Share this:
    দুৰ্বৃত্তৰ শেনচকু এইবাৰ জলসিঞ্চন বিভাগৰ ২৫ লাখ টকীয়া পানী যোগান আঁচনিৰ ওপৰত । ৰঙিয়াত যোৱা এমাহৰ ভিতৰত ৰঙিয়া জলসিঞ্চন বিভাগৰ অধীনৰ পানী যোগান আঁচনি (Irrigation Scheme)ৰ ৬ টাকৈ আঁচনিত চোৰে চলাইছে চাফাই অভিযান। ৰঙিয়াৰ মাহতলীত নিশাটোৰ ভিতৰতেই দুৰ্বৃত্তই চুৰি (Thief) কৰি নিলে জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনিৰ সৌৰ শক্তি উৎপাদন কৰা ৯ খনকৈ প্লেট । ৰঙিয়া জলসিঞ্চন সংমণ্ডলৰ অধীনৰ এই আঁচনিখনৰ কেইবা লক্ষাধিক টকা মূল্যৰ সৌৰশক্তি (Solar Panels) উৎপাদন কৰা প্লেটসমুহ নিশাটোৰ ভিতৰতে চোৰে লৈ যোৱাৰ ফলত বৰ্তমান পানী যোগান বন্ধ হৈ পৰিছে আঁচনিখনৰ ।

    স্থানীয় ৰাইজৰ সন্দেহ জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনিৰ সৌৰ শক্তি উৎপাদন কৰা প্লেট চুৰি কাৰ্য্যত জড়িত আছে একাংশ ঠিকাদাৰৰ লোক । সৌৰ শক্তিৰে চালিত পানী যোগান আঁচনিৰ পৰা নিশাৰ অন্ধকাৰত দুৰ্বৃত্তই কম সময়ৰ ভিতৰতে এফালৰ পৰা ভালদৰে প্লেটবোৰ খুলি চুৰি কৰি নিবলৈ সক্ষম হৈছে । আৰক্ষীয়ে কোনো সম্ভেদ উলিয়াব নোৱাৰাৰ পৰিপেক্ষিতত এটাৰ পিছত আন এটা আঁচনিত চুৰি কাৰ্য সংঘটিত হ'বলৈ ধৰিছে । আঁচনিখনৰ পৰিচালনা কমিটিৰ লোকসকল ইতিমধ্যে তুলসীবাৰী আৰক্ষীৰ কাষ চাপিছে ।

    উল্লেখযোগ্য যে প্ৰায় এবছৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱা আঁচনিখনৰ পৰা স্থানীয় ৰাইজে এটা খেতিৰ বাবে পানী লাভ কৰিছিল । প্ৰায় ২৫ লাখ টকা ব‍্যয় সাপেক্ষে নিৰ্মাণ হোৱা পানী যোগান আঁচনিখনৰ পৰা অঞ্চলটোৰ প্ৰায় পাঁচশ বিঘা মাটিত পানী যোগান ধৰা হৈছিল । শালি খেতিৰ অন্তত কৃষক ৰাইজে ৰবি শস্যৰ বাবে মন মেলিছিল যদিও এতিয়া পানী যোগান বন্ধ হৈ থকা বাবে খেতি কৰিবলৈ অসুবিধা হোৱা বুলি দুখ প্ৰকাশ কৰে ।
    Published by:Manjumoni Borah
    First published: