• Home
  • »
  • News
  • »
  • assam
  • »
  • লতাশিলৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ অৰ্জনৰ পিছতে শতাব্দী কলিতাৰ বাসগৃহত অঘটন, চোৰে লৈ গ'ল বহু মূল্যবান সামগ্ৰী

লতাশিলৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ অৰ্জনৰ পিছতে শতাব্দী কলিতাৰ বাসগৃহত অঘটন, চোৰে লৈ গ'ল বহু মূল্যবান সামগ্ৰী

বিগত কিছুদিনৰ পৰা যোৰহাটৰ তৰাজান অঞ্চলত ধাৰাবাহিকভাবে চোৰৰ দলে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

বিগত কিছুদিনৰ পৰা যোৰহাটৰ তৰাজান অঞ্চলত ধাৰাবাহিকভাবে চোৰৰ দলে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

বিগত কিছুদিনৰ পৰা যোৰহাটৰ তৰাজান অঞ্চলত ধাৰাবাহিকভাবে চোৰৰ দলে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

  • Share this:
লতাশিলৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ অৰ্জনৰ পিছতে যোৰহাটৰ শতাব্দী কলিতাৰ বাসগৃহত সংঘটিত হৈছে এক অঘটন। চোৰে চাফাই অভিযান চলালে শতাব্দী কলিতাৰ যোৰহাট তৰাজান পুৰণা গায়নগাওঁস্থিত বাসগৃহত। গুৱাহাটীৰ পৰা যোৰহাটৰ বাসগৃহলৈ শতাব্দীক পৰিয়ালৰ লোকে আনিবলৈ যাওতেই চোৰে তহিলং কৰে বিহু সম্ৰাজ্ঞীগৰাকীৰ বাসগৃহ। যোৰহাট আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি চোৰৰ দলে লৈ যায় চাইকেল, টিভি পৰ্যন্ত।

বিগত কিছুদিনৰ পৰা যোৰহাট তৰাজান অঞ্চলত ধাৰাবাহিকভাবে চোৰৰ দলে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। শতাব্দীক গুৱাহাটীৰ পৰা আনিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই অঘটন। চোৰৰ দলে দুৱাৰৰ তলা ভাঙি বহু মূল্যবান সামগ্ৰী লৈ যায়।

চোৰে নিয়া সামগ্ৰীসমূহৰ ভিতৰত আছে এখন চাইকেল , এটা LED টিভি, এলপিজি চিলিণ্ডাৰ এটা , কাহৰ বাতি ৪০টা , পিটলৰ টৌ এটা , পিতলৰ শৰাই ৭খন , পিটলৰ লোটা এটা , কাহৰ লোটা এটা আৰু নগদ দুহাজাৰ টকা। ইতিমধ্যে এই সন্দৰ্ভত থানাত গোচৰ দিয়াৰ পিছত যোৰহাট সদৰ থানাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য , ইমানখিনি সামগ্ৰী চোৰৰ দলটোৱে কেনেদৰে কঢ়িয়াই নিলে তাক লৈয়ো প্ৰশ্নৰ সৃষ্টি হৈছে ।

আনন্দৰ সময়খিনিৰ মাজতে সংঘটিত এই অপ্ৰত্যাশিত ঘটনাই মৰ্মাহত কৰিছে শতাব্দীক। এই চুৰিকাণ্ডৰ সৈতে জড়িত চোৰৰ দলটোক কৰায়ত্ত কৰিবলৈ আৰক্ষীক অনুৰোধ জনাইছে শতাব্দীৰ পৰিয়ালে।
Published by:Himangshu Bhuyan
First published: