• Home
  • »
  • News
  • »
  • assam
  • »
  • ধন, সোণ নহয়, এইবাৰ ট্ৰেন্সফৰ্মাৰ! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিদ্যুতৰ ট্ৰেন্সফৰ্মাৰ চোৰৰ টিঘিল-ঘিলনী

ধন, সোণ নহয়, এইবাৰ ট্ৰেন্সফৰ্মাৰ! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিদ্যুতৰ ট্ৰেন্সফৰ্মাৰ চোৰৰ টিঘিল-ঘিলনী

বিদ্যুৎ সংযোগ বিচিন্ন কৰি ট্ৰেন্সফৰ্মাৰটোৰ সকলো সা-সৰঞ্জাম লুটি  লৈ যায় চোৰৰ দলে।

বিদ্যুৎ সংযোগ বিচিন্ন কৰি ট্ৰেন্সফৰ্মাৰটোৰ সকলো সা-সৰঞ্জাম লুটি  লৈ যায় চোৰৰ দলে।

বিদ্যুৎ সংযোগ বিচিন্ন কৰি ট্ৰেন্সফৰ্মাৰটোৰ সকলো সা-সৰঞ্জাম লুটি  লৈ যায় চোৰৰ দলে।

  • Share this:
অসমত ওলাইছে ব্যতিক্ৰম চোৰ! যিসময়ত ধন সোণ,ৰূপ অথবা মূল্যবান সামগ্ৰীৰ ওপৰত চোৰৰ শেনচকু থাকে তেনে সময়তে হোজাই জিলাৰ কাকীত ওলাইছে ট্ৰেন্সফৰ্মাৰ চোৰ।দিনে দিনে ট্ৰেন্সফৰ্মাৰ চোৰৰ টিঘিলঘিলিনী বাঢ়ি অহাত নিদ্ৰা হৰিছে বৃহত্তৰ কাকী অঞ্চলৰ ৰাইজৰ।

চোৰে ইটোৰ পিছত সিটো ট্ৰেন্সফৰ্মাৰ চুৰি কৰি গাঁওখনত এতিয়া চলাইছে তাণ্ডৱ। শেহতীয়াকৈ ট্ৰেন্সফৰ্মাৰ চোৰে দুই নং কাকী ডিফলুব্লকৰ পথৰ কাষৰ পৰা চুৰি কৰি লৈ যায় বিদ্যুৎ সংযোগ হৈ থকা ট্ৰেন্সফৰ্মাৰ।

বিদ্যুৎ সংযোগ বিচিন্ন কৰি ট্ৰেন্সফৰ্মাৰটোৰ সকলো সা-সৰঞ্জাম লুটি  লৈ যায় চোৰৰ দলে।উল্লেখযোগ্য যে, কাকী আৰু উদালি অঞ্চলৰ পৰা এইকেইদিনত  মুঠ চাৰিটা ট্ৰেৰন্সফৰ্মাৰ চুৰি হোৱা বুলি স্থানীয় ৰাইজে জনাইছে। ইপিনে ট্ৰেন্সফাৰ্মাৰ কেইটা চুৰি হোৱাৰ পিছতো শক্তি বিভাগৰ ফালৰ পৰা বিশেষ তৎপৰতা প্ৰদৰ্শন নকৰাৰ অভিযোগ উত্থাপিত কৰিছে অঞ্চলবাসীয়ে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি