মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মুখ্যমন্ত্ৰী সোণোৱাললৈ বনোৱা ছাগলী গাখীৰৰ স্পেচিয়েল চাহ, পিঠা খালে চোৰে, তাৰ পিছত?

মুখ্যমন্ত্ৰী সোণোৱাললৈ বনোৱা ছাগলী গাখীৰৰ স্পেচিয়েল চাহ, পিঠা খালে চোৰে, তাৰ পিছত?

News18 Assam | News18-Assam
Updated:June 13, 2020, 7:21 PM IST
মুখ্যমন্ত্ৰী সোণোৱাললৈ বনোৱা ছাগলী গাখীৰৰ স্পেচিয়েল চাহ, পিঠা খালে চোৰে, তাৰ পিছত?
কন্যকাত মইনাই সিদ্ধান্ত ল'লে মুখ্যমন্ত্ৰীক কিবাকৰি হলেও ছাগলী গাখীৰৰ স্পেচিয়েল চাহ খুৱাবই ৷

কন্যকাত মইনাই সিদ্ধান্ত ল'লে মুখ্যমন্ত্ৰীক কিবাকৰি হলেও ছাগলী গাখীৰৰ স্পেচিয়েল চাহ খুৱাবই ৷

  • Share this:
বৃহস্পতিবাৰে কেইবাটাও চৰকাৰী কাৰ্যসূচী হাতত লৈ চতিয়া সমষ্টিত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সেয়েহে পুৱাৰ আহাৰৰ পৰা আৰম্ভ কৰি দুপৰীয়াৰ ভাত সাজৰ লগতে আবেলিৰ চাহ কাপলৈকে সকলো ব্যৱস্থা কৰা হৈছিল মুখ্যমন্ত্ৰীৰ বাবে ৷ আপ্যায়নৰ তালিকাত আছিল ছাগলী গাখীৰৰ চাহো ৷

বিধায়ক পদ্ম হাজৰিকাই এই বিশেষ চাহৰ দায়িত্ব অৰ্পণ কৰিছিল জামুগুৰিহাটৰ মৰণাকুৰি গাঁৱৰ নৰেন শইকীয়াক ৷ অঞ্চলটোত মইনা বুলি ক'লে সকলোৱে চিনি পোৱা নৰেন শইকীয়াও  উৎফুল্লিত হৈ পৰিছিল ৷ কিয়নো তেওঁ মুখ্যমন্ত্ৰীক  চাহ খুৱাব ৷ পুত্ৰ ভাৰ্গৱ তেজপুৰলৈ গৈ এটা হটকেছ্‌ আৰু ফ্লাক্স কিনি আনিছিল চাহ আৰু পিঠা ভৰাবলৈ ৷ মুঠ ২১০০ টকাৰে চাহ ভৰাবলৈ ফ্লাক্স আৰু কেটলি পিঠা থবলৈ এটা  হটকেছ্‌  ক্ৰয় কৰি আনি পুত্ৰই দিছিল মইনাক ৷

বৃহস্পতিবাৰে পুৱা ফ্লাক্সত ছাগলী গাখীৰৰ স্পেচিয়েল চাহ আৰু হটকেছত কেটলি পিঠা লৈ কন্যকাত উপস্থিত হল মইনা ৷ সুৰক্ষিত স্থানত চাহ পিঠা থৈ মইনা আন কামত ব্যস্ত হৈ পৰিল ৷ মুখ্যমন্ত্ৰী অহাৰ বাবে বহু মানুহৰ সমাগম হৈছিল কন্যাকাত ৷ নিৰ্দিষ্ট সময়ত মইনা গৈ চাহ থোৱা স্থানত উপস্থিত হৈ দেখে কোনোবাই মইনাই নি থোৱা চাহ পিঠাৰ টোপোলাটো লৈ গ'ল ৷

মইনা হতভম্ব !  কি হ’ব এতিয়া ? মুখ্যমন্ত্ৰীক ক’ৰ পৰা চাহ দিব ?  লৰালৰিকৈ অন্য ধৰনে ব্যৱস্থা কৰি মুখ্যমন্ত্ৰীক চাহৰ যোগাৰ কৰি দিয়া হল যদিও মইনাৰ মনত বেজাৰ ৷ কাৰণ মুখ্যমন্ত্ৰীলৈ বুলি অনা চাহ পিঠা আনে চুৰ কৰি খালে ৷ মইনাই সিদ্ধান্ত ল'লে মুখ্যমন্ত্ৰীক কিবাকৰি হলেও ছাগলী গাখীৰৰ স্পেচিয়েল চাহ খুৱাবই ৷ মুখ্যমন্ত্ৰী আন এক চৰকাৰী কাৰ্যসুচীত কন্যকাৰ পৰা গৈ ২৫ কিলোমিটাৰ নিলগৰ চাৰিদুৱাৰ পালেগৈ  ৷

মইনাই পুনৰ গাৱঁৰ কেইঘৰ মানৰ পৰা ছাগলী গাখীৰ বিচাৰি আনি চাহ বনাই পুনৰ ফ্লাক্সত ভৰাই  চাৰিদুৱাৰলৈ গাড়ীৰে পঠাই দিয়ে ৷ নিদিষ্ট সময়ত মুখ্যমন্ত্ৰীক ছাগলী গাখীৰৰ চাহ খাৱলৈ দিয়া হয় আৰু মুখ্যমন্ত্ৰীয়ে তৃপ্তিৰে চাহ কাপ খাই  বিধায়ক পদ্ম হাজৰিকাক ক'লে  হাজৰিকা বৰ ভাল লাগিছে চাহ কাপ খাই ৷ কথাষাৰ শুনিহে মইনাৰ মন সন্তুষ্টিৰে ভৰি পৰিল। মুঠতে মুখ্যমন্ত্ৰীলৈ বুলি অনা ছাগলি গাখীৰৰ স্পেচিয়েল চাহ আৰু কেটলি পিঠা চুৰি কৰি খোৱা কেইটাই সহজ সৰল মইনাক বাৰুকৈয়ে জ্বলা-কলা খুৱালে ৷
First published: June 12, 2020, 8:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি