
ঘটনা সন্দৰ্ভত আৰক্ষীক গৃহস্থই অৱগত কৰাত বৰ্তমান ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
ঘটনা সন্দৰ্ভত আৰক্ষীক গৃহস্থই অৱগত কৰাত বৰ্তমান ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ চাংচকীত নিশা চোৰৰ চাফাই অভিযান৷ বিহু অনুষ্ঠান চলি থকাৰ সুযোগত প্ৰয়াত কমল বৰাৰ ঘৰৰ পৰা চোৰে লুটি নিলে নগদ ধনসহ সোণৰ আ–অলংকাৰ৷ উল্লেখযোগ্য যে ওচৰতে চলি থকা বিহু অনুষ্ঠান উপভোগ কৰিবলৈ গৈছিল ঘৰৰ সকলো। সেই সুযোগতে প্ৰয়াত কমল বৰাৰ পাকঘৰৰ চাদৰ ওপৰৰে ভিতৰত প্ৰৱেশ কৰি চোৰে আলমিৰা ভাঙি নগদ ৪০ হাজাৰ টকাৰ লগতে সোণৰ আ–অলংকাৰ চুৰি কৰি নিয়ে৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীক গৃহস্থই অৱগত কৰাত বৰ্তমান ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|