নীতিৰ বাবেই শেহতীয়াকৈ বিশ্বনাথ চাৰিআলিত লুটপাতৰ লগতে আন আন অসামাজিক কাম বৃদ্ধি পাবলৈ ধৰিছে বুলি অভিযোগ উঠিছে৷
নীতিৰ বাবেই শেহতীয়াকৈ বিশ্বনাথ চাৰিআলিত লুটপাতৰ লগতে আন আন অসামাজিক কাম বৃদ্ধি পাবলৈ ধৰিছে বুলি অভিযোগ উঠিছে৷
চোৰৰ টাৰ্গেট এইবাৰ শিৱ মন্দিৰ। পাঁচ দিনত দুটাকৈ শিৱ মন্দিৰত চুৰিকাৰ্য সংঘটিত কৰিলে চোৰে। আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি দুটাকৈ মন্দিৰত চোৰে চাফাই অভিযান চলালে যদিও আৰক্ষীয়ে ছাঁটোকে বিচাৰি নাপালে চোৰৰ। এই ঘটনা সংঘটিত হৈছে বিশ্বনাথ চাৰিআলিত (Biswanath Chariali)। পাঁচদিন পূৰ্বে গৰেহাগী গাঁৱৰ ভৰালী শিৱ মন্দিৰত চোৰে চাফাই অভিযান চলোৱাৰ পিছত আজি পুৱতিনিশা পানীভড়াল গাঁৱৰ শিৱ মন্দিৰত চলাই লুটপাত। মন্দিৰৰ তলা ভাঙি চলালে লুটপাত৷ দান পাত্ৰ ভাঙি লুটি নিলে ধন৷
আঠ মাহ ধৰি দান পাত্ৰত জমা হৈ আছিল ধন৷ ভক্তই দান কৰা মূল্যবান সামগ্ৰীও লুটি নিলে চোৰে৷ মন্দিৰটোলৈ বুলি বহু দূৰ–দূৰণিৰ পৰা আহে ভক্ত আৰু সকলোৱে মন্দিৰলৈ বুলি আগবঢ়াইছিল দান-বৰঙণি৷ পুৱা প্ৰাতঃভ্ৰমণৰ বাবে অহা লোকে প্ৰথমতে প্ৰত্যক্ষ কৰে ঘটনাটো। লগে লগেই অঞ্চলটোত লাগে হুৱাদুৱা৷ গাঁৱৰ সকলো আহি উপস্থিত হয় মন্দিৰত৷ কিছু সময়ৰ পিছতে আৰক্ষীও আহি উপস্থিত হয় ঘটনাস্থলীত।
গাঁৱৰ মন্দিৰত চুৰি হোৱাৰ খবৰ পাই আৱেগিক হৈ পৰে লোকসকল৷ ইফালে আৰক্ষীৰ সোপাঢিলা নীতিৰ বাবেই শেহতীয়াকৈ বিশ্বনাথ চাৰিআলিত লুটপাতৰ লগতে আন আন অসামাজিক কাম বৃদ্ধি পাবলৈ ধৰিছে বুলি অভিযোগ উঠিছে৷ একাংশ দুষ্কৃতিকাৰীয়ে এনেদৰে ধৰ্মীয় আবেগত আঘাত হনাৰ চেষ্টা চলোৱা কাৰ্যক সকলোৱে এতিয়া একেমুখে গৰিহনা দিছে৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|