মন্দিৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি বাকচৰ পৰা সোণ-ৰূপৰ আ–অলংকাৰ আৰু নগদ ধন লুটি নিয়ে চোৰে৷
মন্দিৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি বাকচৰ পৰা সোণ-ৰূপৰ আ–অলংকাৰ আৰু নগদ ধন লুটি নিয়ে চোৰে৷
অভয়াপুৰীত চুৰিকাণ্ড। নিশা চোৰে অভয়াপুৰী শিৱপুৰৰ শিৱ মন্দিৰত প্ৰৱেশ কৰি চলালে চাফাই অভিযান। নেৰানেপেৰা বৰষুণৰ মাজতে চোৰে মন্দিৰৰ পৰা লুটি নিলে প্ৰায় ডেৰ লাখ টকাৰ মূল্যৰ সোণ-ৰূপৰ সা–সামগ্ৰী। মন্দিৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি বাকচৰ পৰা সোণ-ৰূপৰ আ–অলংকাৰ আৰু নগদ ধন লুটি নিয়ে চোৰে৷
আনহাতে চোৰে মন্দিৰৰ মাইক ছেট-বক্স আদিও লুটি নিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বেও মন্দিৰটোত চুৰিকাণ্ড সংঘটিত হৈছিল। সঘনাই উক্ত মন্দিৰত চুৰিকাণ্ড সংঘটিত হৈ থকাৰ পিছতো আৰক্ষীয়ে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|