உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • জালত পৰিল বৰপেটাৰ সত্ৰ–নামঘৰত চুৰি কৰি ত্ৰাসৰ সৃষ্টি কৰা চোৰ, তিনিজনক গ্ৰেপ্তাৰ

    জালত পৰিল বৰপেটাৰ সত্ৰ–নামঘৰত চুৰি কৰি ত্ৰাসৰ সৃষ্টি কৰা চোৰ, তিনিজনক গ্ৰেপ্তাৰ

    বৰপেটা আৰক্ষীয়ে ভগৱান মজুমদাৰৰ সহযোগী গহেৰপাম গাঁৱৰ চামাদ উদ্দিন আৰু গান্ধী নগৰৰ ৰুহুল আহমেদ নামৰ আন দুটা চোৰকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷

    বৰপেটা আৰক্ষীয়ে ভগৱান মজুমদাৰৰ সহযোগী গহেৰপাম গাঁৱৰ চামাদ উদ্দিন আৰু গান্ধী নগৰৰ ৰুহুল আহমেদ নামৰ আন দুটা চোৰকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷

    বৰপেটা আৰক্ষীয়ে ভগৱান মজুমদাৰৰ সহযোগী গহেৰপাম গাঁৱৰ চামাদ উদ্দিন আৰু গান্ধী নগৰৰ ৰুহুল আহমেদ নামৰ আন দুটা চোৰকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷

    • Share this:
    অৱশেষত আৰক্ষীৰ জালত পৰিল বৰপেটাৰ সত্ৰ, থান নামঘৰত চুৰি কাৰ্যৰে সন্ত্ৰাস চলোৱা চোৰৰ দল৷ বৰপেটা আৰক্ষীয়ে অভিযান চলাই সোমবাৰে নিশা বৰপেটা চহৰৰ গণককুছিৰ নিজ গৃহৰ পৰা সত্ৰ নামঘৰৰ চুৰি কাৰ্যৰ সৈতে জড়িত চোৰটোক গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰ হোৱা চোৰটোৰ নাম ভগৱান মজুমদাৰ৷

    ভগৱান মজুমদাৰৰ ঘৰৰ পৰা চিনপৰা ভিঠি থানৰ পৰা চুৰি হোৱা পিতলৰ চৰিয়া, খৰাহী আদি সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ আনহাতে ভগৱান মজুমদাৰ নামৰ চোৰটোৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে তলা ভাঙিব পৰা সামগ্ৰী৷

    ইপিনে বৰপেটা আৰক্ষীয়ে ভগৱান মজুমদাৰৰ সহযোগী গহেৰপাম গাঁৱৰ চামাদ উদ্দিন আৰু গান্ধী নগৰৰ ৰুহুল আহমেদ নামৰ আন দুটা চোৰকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি অনুসৰি, ভগৱান মজুমদাৰে চুৰি সামগ্ৰীসমুহ গহেৰপাম গাঁৱৰ চামাদ উদ্দিনৰ ওচৰত বিক্ৰী কৰিছিল৷ ইপিনে চামাদ উদ্দিন নামৰ লোকজনে চুৰি কাঁহ–পিতলৰ সামগ্ৰীসমূহ সৰ্থেবাৰীত বিক্ৰীৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷

    বিগত কেইবাদিন ধৰি বৰপেটা চহৰৰ এখনৰ পিছত আনখন সত্ৰত চুৰিকাৰ্যৰে একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছিল চোৰৰ দলটোৱে৷ সত্ৰনগৰী বৰপেটা চহৰৰ সত্ৰ নামঘৰত হোৱা চুৰিৰ ঘটনাক লৈ চহৰখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ আনকি সত্ৰনগৰীৰ ধৰ্মীয় স্থান, থান সত্ৰসমূহত আৰম্ভ হোৱা চুৰি কাৰ্য আৰু ভক্তৰ ধৰ্মীয় অনুভূতিত আঘাত হনা কাৰ্যৰ বিৰুদ্ধে বৰপেটা সত্ৰই কাইলৈ (৬ এপ্ৰিল, বুধবাৰে) বৰপেটা সত্ৰৰ দালানৰ সন্মুখত দুঘণ্টীয়া অৱস্থান কাৰ্যসূচীৰো আহ্বান জনাইছিল৷ ইয়াৰ মাজতেই সোমবাৰে নিশা বৰপেটা আৰক্ষীয়ে ভগৱান মজুমদাৰ নামৰ চোৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লক্ষ্যণীয়ভাৱে ভগৱান মজুমদাৰে পূৰ্বে বৰপেটা সত্ৰৰ মূল দুৱাৰৰ ৰক্ষক হিচাপে কৰ্মৰত আছিল৷ সত্ৰ নামঘৰৰ চুৰিৰ অভিযোগত ভগৱান মজুমদাৰক গ্ৰেপ্তাৰক লৈ বৰপেটাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷
    Published by:Sanjay Kumar Das
    First published: