
আজি পুৱা ঘটনাটো পোহৰলৈ অহাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।
আজি পুৱা ঘটনাটো পোহৰলৈ অহাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।
হোজাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। ঘৰ বা ব্যৱসায় প্ৰতিষ্ঠানত নহয়, এইবাৰ শনি দেৱতাৰ মন্দিৰত হাত দিলে চোৰে। হোজাই ৰে’ল ষ্টেচনৰ গাতে লাগি থকা ৰে’লৱে কলনীৰ শনি মন্দিৰত চোৰে চলালে লুটপাত। আজি পুৱা ঘটনাটো পোহৰলৈ অহাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।
মন্দিৰৰ পিছফালৰ বেৰ খুলি ভিতৰত প্ৰৱেশ কৰা চোৰে দানপাত্ৰৰ বাকচ খুলি টকা–পইচা আৰু মন্দিৰৰ অন্যান্য সামগ্ৰী লুট কৰি লৈ যায়। লক্ষণীয় যে ৰে’ল সুৰক্ষা বাহিনী আৰু ৰে’ল পথ বিভাগৰ জ্যেষ্ঠ অভিযন্তাৰ কাৰ্যলয়ৰ গাতে লাগি থকা শনি দেৱতাৰ মন্দিৰত চোৰে লুটপাত চলোৱা ঘটনাক সকলোৱে নিন্দা জনাইছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|