ছাটাৰ ভাঙি গহণাৰ বিপণীত সোমাল চোৰ, এপদ এপদকৈ পকেটত ভৰাইছে সোণৰ অলংকাৰ, হঠাৎ চোৰৰ চকু পৰিল চিচিটিভিত, তাৰ পিছত...

News18 Assam | News18-Assam
Updated:October 25, 2020, 2:44 PM IST
ছাটাৰ ভাঙি গহণাৰ বিপণীত সোমাল চোৰ, এপদ এপদকৈ পকেটত ভৰাইছে সোণৰ অলংকাৰ, হঠাৎ চোৰৰ চকু পৰিল চিচিটিভিত, তাৰ পিছত...
হঠাৎ চিচিটিভিত পৰিল চোৰৰ চকু। চোৰে চিচিটিভি কেমেৰা বন্ধ কৰিলে চেষ্টা কৰিলে, কিন্তু বিফল হৈছে।

হঠাৎ চিচিটিভিত পৰিল চোৰৰ চকু। চোৰে চিচিটিভি কেমেৰা বন্ধ কৰিলে চেষ্টা কৰিলে, কিন্তু বিফল হৈছে।

  • Share this:
দুৰ্গা পূজাৰ উলহ-মালহৰ মাজতে ৰঙিয়াৰ মাজমজিয়াত চুৰিকাণ্ড। ৰঙিয়াৰ এন টি ৰোডৰ ভাৰত গহণালয়ত চুৰিকাণ্ড। চাটাৰৰ তলা ভাঙি গহণালয়ৰ ভিতৰত প্ৰৱেশ কৰিলে চোৰে। এফালৰ পৰা তন্ন তন্নকৈ সোণৰ আ-অলংকাৰ পৰীক্ষণ কৰিছে চোৰে। সোণৰ আ-অলংকাৰ লগত লৈছে। মুখত কাপোৰ বান্ধি আহি চুৰি কাৰ্য সংঘটিত কৰে চোৰে।

হঠাৎ চিচিটিভিত পৰিল চোৰৰ চকু। চোৰে চিচিটিভি কেমেৰা বন্ধ কৰিলে চেষ্টা কৰিলে, কিন্তু বিফল হৈছে। অৱশেষত বৈদ্যুতিক তাঁৰ চিঙি চোৰে ভাবিলে চিচিটিভি বন্ধ হৈ পৰিছে। চলাই গ’ল লুটপাত।

চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ’ল চিচিটিভি কেমেৰাত। ৰঙিয়া থানাৰ পৰা মাত্ৰ আধা কিলোমিটাৰ নিলগত ৰঙিয়াৰ মাজমজিয়াতে এনেদৰে চুৰিকাৰ্য সংঘটিত হোৱাত চকু কপালত উঠিছে ৰঙিয়াৰ ৰাইজৰ।
Published by: Sanjay Kumar Das
First published: October 25, 2020, 2:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading