নগাঁৱত এইবাৰ জ্যোতিষীৰ ঘৰত চোৰে চলালে সন্ত্ৰাস। এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ৰহাত। ৰহা নগৰৰ মাজমজিয়াৰ ৰহা গাঁৱত থকা ৰণ্টু শৰ্মা নামৰ লোকজনৰ ঘৰত বুধবাৰে দিন-দুপৰতে চোৰে লুটপাট চলাই লুটি লৈ গল প্ৰায় তিনি লক্ষাধিক টকাৰ সা-সম্পত্তি আৰু নগদ ধন। পেছাত এগৰাকী জ্যোতিষী ৰণ্টু শৰ্মাই সেই সময়ত নিজৰ চেম্বাৰত থকাৰ বিপৰীতে শৰ্মাৰ পত্নীয়ে পঢ়াশালিৰ পৰা নিজৰ কন্যা সন্তানক আনিবলৈ গৈছিল। সেই সময়তে চোৰে ৰণ্টু শৰ্মাৰ ঘৰৰ পিছফালৰ চৌহদৰ দেৱাল পাৰ হৈ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি আলমিৰা ভাঙি আ-অলংকাৰ সহ নগদ ধন লুটি লৈ যায়।
পিছত পত্নী আহি ঘৰত পোৱাৰ পিছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে। পৰৱৰ্তী সময়ত ৰণ্টু শৰ্মাই ঘটনা সন্দৰ্ভত ৰহা আৰক্ষীক অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰে। এনেদৰে দিন দুপৰতে ৰহা নগৰৰ মাজমজিয়াত চোৰে চুৰি কাৰ্য চলোৱা ঘটনাই সমগ্ৰ অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 02, 2022, 14:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।