নগাঁও আৰক্ষীক যেন কেৰেপেই নকৰা হৈছে অপৰাধীয়ে। নগাঁও আৰক্ষীৰ ব্যৰ্থতা উদঙাই নগাঁৱত পুনৰ লুটপাত চলালে চোৰে। এইবাৰ বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীৰ বাবে আবণ্টিত মধ্যহ্ন ভোজনৰ চাউল, দাইলেৰে খিচিৰি বনাই বিদ্যালয়ত চাফাই অভিযান চলালে চোৰে।
ঘটনা মঙলবাৰে নিশাৰ। নগাঁও চহৰৰ সমীপৰ বৰাগাঁও ডেকাপাম প্ৰাথমিক বিদ্যালয়ত মঙলবাৰে নিশা লুটপাত চলায় চোৰে। নিশা বিদ্যালয়ৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি চোৰে বনালে খিচিৰি। বিদ্যালয়তে নিজে ৰন্ধা খিচিৰি খোৱাৰ পিছতেই লুটি নিয়ে বিদ্যালয়ৰ এপদ এপদ সামগ্ৰী।
বিদ্যালখনৰ বৈদ্যুতিক মটৰ, ফেন আদি লুটি নিয়ে চোৰৰ দলটোৱে। ১৪ নৱেম্বৰত বিদ্যালয়খনত উদযাপন কৰা শিশু দিৱসৰ বাবে অনা জনজাতীয় সাজ–পোছাকো লুটি নিয়ে চোৰে। আনকি বিদ্যালয়খনৰ বহু গুৰুত্বপূৰ্ণ নথি পত্ৰও লণ্ডভণ্ড কৰি থৈ যায় চোৰৰ দলটোৱে।
স্মৰ্তব্য যে, বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি পোৱা নগাঁৱত শেহতীয়া বৃদ্ধি পোৱা চুৰি কাৰ্যক লৈ উদ্বিগ্ন হৈ পৰিছে নগঞা সচেতন মহল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|