
চোৰৰ দলে পাকঘৰৰ খিৰিকিৰ গ্ৰীল ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰে প্ৰতিটো কোঠা।
চোৰৰ দলে পাকঘৰৰ খিৰিকিৰ গ্ৰীল ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰে প্ৰতিটো কোঠা।
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ চিকিৎসক ৰূপম দাসৰ ঘৰত নিশা চোৰে চলালে লুটপাত। লুটি নিলে নগদ ধনৰ লগতে বহু সা-সম্পত্তি। ডিব্ৰুগড়ৰ হাতীমৰা গাঁৱৰ ৰামী পথত সংঘটিত হয় এই ঘটনা। চিকিৎসক ৰূপম দাস Covid-19 পজিটিভ ৰোগীৰ চিকিৎসাৰ বাবে দিনে–ৰাতিয়ে ব্যস্ত অসম চিকিৎসা মহাবিদ্যালয়ৰ আইছ’লেচন ৱাৰ্ডত। সেইবাবে আহিব পৰা নাছিল ঘৰলৈ।
সোমবাৰে নিশা ঘৰত কেৱল চিকিৎসকজনৰ বৃদ্ধা মাতৃ আৰু ভগ্নী আছিল। ৰুগীয়া দেউতাক ঘৰত নাছিল। এখন ব্যক্তিগত চিকিৎসালয়ত কিডনীৰ ডায়েলাইছিছ কৰাৰ পিছত আত্মীয়ৰ ঘৰত আছিল পিতৃ। তাৰেই সুযোগ গ্ৰহণ কৰি নিশা চোৰৰ দলে পাকঘৰৰ খিৰিকিৰ গ্ৰীল ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰে প্ৰতিটো কোঠা। নগদ ধনৰ লগতে বহু সা-সম্পত্তি লুটি নিয়ে চোৰে। অনুমান কৰা হৈছে ঘৰৰ এটা কোঠাত শুই থকা মাতৃ আৰু ভগ্নীক চোৰে স্প্ৰে’ জাতীয় সামগ্ৰীৰে অচেতন কৰে। পুৱা শুই উঠাৰ পিছতহে গম পাই এই চুৰিৰ বিষয়ে আৰু ততালিকে খবৰ দিয়ে আৰক্ষীক। আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|