এইবাৰ চোৰৰ লক্ষ্য মৃতদেহ! মৃতদেহৰ ডিঙিৰ পৰা চোৰে খুলি নিলে অলংকাৰ

চিকিৎসালয়ত মৃতদেহৰ পৰা অলঙ্কাৰ চুৰি কৰি গ্ৰেপ্তাৰ হ’ল নিৰাপত্তাৰক্ষী
চিকিৎসালয়ত মৃতদেহৰ পৰা অলঙ্কাৰ চুৰি কৰি গ্ৰেপ্তাৰ হ’ল নিৰাপত্তাৰক্ষী
- News18 Assam
- Last Updated: February 21, 2020, 3:34 PM IST
বুধবাৰে যোৰহাটৰ বাঘচোং অঞ্চলৰ এগৰাকী বৰ্ষীয়ান মহিলাক চিকিৎসালয়খনত ভৰ্তি কৰা হৈছিল। কিন্তু চিকিৎসালয়তে মৃত্যু হয় মহিলাগৰাকীৰ। ইয়াৰ পিছতে মৃতদেহ ঘৰলৈ নিবলৈ পৰিয়ালৰ লোকসকলে এম্বুলেঞ্চ যোগাৰ কৰাৰ সময়তে কৌশলেৰে চিকিৎসালয়খনৰ ডেভিদ ভৰত দাস নামৰ নিৰাপত্তাৰক্ষীজনে পৰিয়ালৰ সদস্যসকলক মৃতদেহৰ ওচৰৰ পৰা আঁতৰাই পঠিয়াই। কিন্তু মৃতদেহ ঘৰলৈ নিয়াৰ পিছত মৃতদেহ সৎকাৰ কৰাৰ পূৰ্বে যাৱতীয় নীতি নিয়মসমূহ কৰোতে পোহৰলৈ আহে যে মৃতদেহৰ শৰীৰত নাই পিন্ধি থকা সোণৰ অলঙ্কাৰসমূহ।
লগে লগে পৰিয়ালৰ লোকসকলে এই সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰে । ঘটনাৰ বিষয়ে অৱগত কৰা হয় মিচন হস্পিটেল কৰ্তৃপক্ষক। পৰীক্ষা কৰা হয় ঘটনাৰ সময়ৰ CCTV ফুটেজ। আৰু তাতেই ওলাই পৰে চিকিৎসালয়খনত নিয়োজিত ত্ৰিশূল চিকিউৰিটি চাৰ্ভিছৰ ডেভিদ ভৰত দাস নামৰ চিকিউৰিটী গাৰ্ডজনে মৃতদেহটোৰ পৰা সোণৰ অলঙ্কাৰ চুৰি কৰাৰ দৃশ্য।