‘চিচিটিভি ফুটেজত ময়েই আছিলো, কিন্তু মই চুৰি কৰা নাই’ – আৰক্ষীৰ জালত পৰি কথাৰ লেকাম ছিগিল চোৰৰ

News18 Assam | News18-Assam
Updated:December 1, 2020, 1:14 PM IST
‘চিচিটিভি ফুটেজত ময়েই আছিলো, কিন্তু মই চুৰি কৰা নাই’ – আৰক্ষীৰ জালত পৰি কথাৰ লেকাম ছিগিল চোৰৰ
শ্ৰীহাতী গাঁৱৰ কাঁহীবাৰী চুবাৰ ভাস্কৰ দাস নামৰ চোৰটোৱে বাৰে বাৰে হাত চাফাই কৰি আহিছিল লাহ অঞ্চলৰ অমূল্য চন্দ্ৰ দাসৰ পৰিয়ালত।

শ্ৰীহাতী গাঁৱৰ কাঁহীবাৰী চুবাৰ ভাস্কৰ দাস নামৰ চোৰটোৱে বাৰে বাৰে হাত চাফাই কৰি আহিছিল লাহ অঞ্চলৰ অমূল্য চন্দ্ৰ দাসৰ পৰিয়ালত।

  • Share this:
শুৱালকুছিত চিচিটিভিত বন্দী হ’ল চুৰিকাৰ্যৰ দৃশ্য। শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত লাহ অঞ্চলত টকা আৰু সোণৰ গহণা চুৰি কৰি ৰঙাঘৰত সোমাল চোৰ। একেটা পৰিয়ালতে বাৰে বাৰে সংঘটিত হোৱা চুৰিকাৰ্যৰ মাষ্টাৰমাইণ্ড এইটো গভাইত চোৰ। শ্ৰীহাতী গাঁৱৰ কাঁহীবাৰী চুবাৰ ভাস্কৰ দাস নামৰ চোৰটোৱে বাৰে বাৰে হাত চাফাই কৰি আহিছিল লাহ অঞ্চলৰ অমূল্য চন্দ্ৰ দাসৰ পৰিয়ালত। শেষত চোৰ ধৰিবৰ বাবে ঘৰত সংযোগ কৰা হল CCTV কেমেৰা।

যোৱানিশা আকৌ সোমাল ভাস্কৰ দাস নামৰ চোৰটো। চুৰিকাৰ্যৰ দৃশ্য় বন্দী হ’ল চিচিটিভি কেমেৰাত। এইবাৰ পিছে সাৰি নগ'ল চোৰ। আৰু শেষত ৰঙাঘৰৰ আলহী হ’ল ভাস্কৰ। অৱশ্যে ভুক্ত ভোগী পৰিয়ালটোৱে চোৰৰ পৰা সোণৰ অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল যদিও এতিয়াও উদ্ধাৰ হোৱা নাই প্ৰায় এক লাখ টকাৰ নগদ ধন।
Published by: Sanjay Kumar Das
First published: December 1, 2020, 1:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading