যোৱা ১৬ মাৰ্চত হাইলাকান্দি জিলাৰ লালা চহৰৰ এখন ব্যবসায়িক প্ৰতিষ্ঠানৰ পৰা দিনৰ পোহৰত চুৰি গৈছিল ১ লাখ টকা। অতি কৌশলেৰে দুই চোৰে দোকানৰ পৰা চুৰি কৰিছিলি এই ধন। কিন্তু এই চুৰি কাণ্ডৰ সকলো দৃশ্য বন্দী হৈছিল চিচিটিভি কেমেৰাত। ইয়াৰ পিছৰ পৰাই আৰক্ষীয়ে দুই চোৰৰ সন্ধানত অভিযান আৰম্ভ কৰিছিলে।
যোৱা প্ৰায় ১৫ দিন অভিযান চলোৱাৰ পিছত অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুই চোৰ হুছেইন আহমদ লস্কৰ আৰু আছিক উদ্দিন লস্কৰক। লালা থানাত ৰুজু হোৱা ৭৮/২২ নম্বৰ গোচৰৰ ভিত্তিত দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে বুলি জনাইছে হাইলাকান্দিৰ উপ-আৰক্ষী অধীক্ষক নিৰ্মল ঘোষে।
ইপিনে, আৰক্ষীয়ে দুই চোৰক গ্ৰেপ্তাৰ কৰাৰ সময়তেই হাইলাকান্দি চহৰত সংঘটিত হয় এক চুৰিকাণ্ড। যোৱা নিশা হাইলাকান্দি নগৰৰ ঠিক মাজ মজিয়াৰ নেতাজী সুভাষ ৰোডৰ এখন মোবাইল ফোনৰ পাইকাৰী দোকানৰ পৰা চোৰৰ দলে লুটি নিয়ে প্ৰায় ১৫ লাখ টকাৰ মোবাইল ফোন।
দোকানৰ পিছফালৰ দেৱাল ভাঙি দোকানত প্ৰৱেশ কৰি লুটি নিয়ে মোবাইল ফোনসমূহ। দোকানখনত থকা চিচিটিভি কেমেৰৰ পৰা ৰক্ষা পাবলৈ বগা আৰু ক’লা কাপোৰেৰে মুখ ঢাকি চোৰে সংঘটিত কৰে এই চুৰিকাণ্ড। এতিয়ালৈ আৰক্ষীয়ে এই চুৰিকাণ্ডৰে জড়িত অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|