ৰঙিয়াত ৰাইজৰ জালত পৰিল দুৰ্ধৰ্ষ ডকাইত, পিষ্টল উলিয়াওতেই ৰাইজে ধৰিলে ‘টিকলা’ক

ৰাইজে টিকলাৰ পৰা এটা .৩২ পিষ্টল, দুটা সজীৱ গুলী আৰু ড্ৰাগছ উদ্ধাৰ কৰে।

News18-Assam
Updated:November 5, 2019, 12:31 PM IST
ৰঙিয়াত ৰাইজৰ জালত পৰিল দুৰ্ধৰ্ষ ডকাইত, পিষ্টল উলিয়াওতেই ৰাইজে ধৰিলে ‘টিকলা’ক
ৰাইজে টিকলাৰ পৰা এটা .৩২ পিষ্টল, দুটা সজীৱ গুলী আৰু ড্ৰাগছ উদ্ধাৰ কৰে।
News18-Assam
Updated: November 5, 2019, 12:31 PM IST
ৰঙিয়াত ৰাইজৰ হাতত কৰায়ত্ত হ’ল এটা দুৰ্ধৰ্ষ ডকাইত। ৰঙিয়াৰ পিতাম্বৰ হাটবজালীত কৰায়ত্ত হয় ডকাইতটো। দীৰ্ঘদিন ধৰি ৰঙিয়াৰ লগতে নামনি অসমৰ বিভিন্ন স্থানত সন্ত্ৰাস চলাই আছিল শ্বৰীফ আলী ওৰফে টিকলা নামৰ ডকাইতটোৱে। ড্ৰাগছ সৰবৰাহতো জড়িত টিকলা।

মঙলবাৰে ৰঙিয়াৰ পিতাম্বৰ হাটবজালীৰ পথেৰে কেইবাবাৰো অহা-যোৱা কৰিছিল আন এজন সহযোগীৰ সৈতে। স্থানীয় লোকৰ সন্দেহ ওপজাত দুয়োকে বাইক ৰখাবলৈ কয়। কিন্তু পালছাৰ বাইকত অহা দুই ডকাইতে পলায়নৰ চেষ্টা চলায়। ৰাইজে কোনোমতে বাইকখন ৰখোৱাত এজনে বাইকৰ পৰা নামি পলায়ন কৰে যদিও টিকলাক ৰাইজে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ৰাইজে টিকলাৰ পৰা এটা .৩২ পিষ্টল, দুটা সজীৱ গুলী আৰু ড্ৰাগছ উদ্ধাৰ কৰে। একাংশ ক্ষুব্ধ লোকে ডকাইতটোক পঘাৰে বান্ধি উত্তম–মধ্যম শোধাই পিছত আৰক্ষীক গতাই দিয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি