News18-Assam Updated:September 14, 2019, 5:34 PM IST
পুৱা প্ৰাতঃ ভ্ৰমণলৈ যাওতে চেইন চোৰে আক্ৰমণ কৰে ৰেণু শৰ্মাক, চোৰৰ আক্ৰমণত মাটিত ঢলি পৰে ৰেণু শৰ্মা
পুৱা প্ৰাতঃ ভ্ৰমণলৈ যাওতে চেইন চোৰে আক্ৰমণ কৰে ৰেণু শৰ্মাক, চোৰৰ আক্ৰমণত মাটিত ঢলি পৰে ৰেণু শৰ্মা
ভাস্কৰ জ্যোতি হাজৰিকা--এইবাৰ চেইন চোৰৰ টাৰ্গেট হ’ল সংগীত শিল্পী তৰালী শৰ্মাৰ মাতৃ ৰেণু শৰ্মা ৷ শুক্ৰবাৰে পুৱা নিগাজী পামৰ বাসগৃহৰ পৰা প্ৰাত:ভ্ৰমণৰ বাবে ওলাই গৈছিল সংগীত শিল্পীগৰাকীৰ মাতৃ ৷ কিন্তু ঘৰৰ পৰা ওলাই কিছু দূৰ যাওতেই হঠাৎ বাইকত অহা এজন যুৱকে মহিলাগৰাকীৰ ডিঙিৰ চেইন কাঢ়ি নিয়াৰ চেষ্টা চলায় ৷ কিন্তু চেইনডাল কাঢ়ি নিয়াত ব্যৰ্থ হোৱাত যুৱকজনে এইবাৰ আক্ৰমণ কৰে মহিলাগৰাকীক ৷ যুৱকজনৰ আক্ৰমনত ৰাজপথতে ঢলি পৰে মহিলাগৰাকী ৷ স্থানীয় একাংশৰ তৎপৰতাত মহিলাগৰাকীক উদ্ধাৰ কৰি লগে লগে লৈ যোৱা হয় হেল্থ চিটি হস্পিতালত ৷ কিন্ত আঘাত ইমানেই গুৰুতৰ আছিল যে মহিলাগৰাকীক ভৰ্তি কৰোৱা হয় হস্পিতালখনৰ ICU ত ৷ ৪ মাহ পূৰ্বেও শিল্পী গৰাকীৰ মাতৃৰ লগত অনুৰুপ ঘটনা সংঘটিত হৈছিল একেটা অঞ্চলত ৷ যাৰ বাবে এতিয়া চৰম নিৰাপত্তাহীনতাত ভূগিছে অঞ্চলবাসী ৷ ইতিমধ্য মহিলাগৰাকীৰ পৰিয়ালে এক এজাহাৰ দাখিল কৰিছে গীতানগৰ থানাত ৷