নলবাৰীত দিনক দিনে বৃদ্ধি পাইছে চুৰি ডকাইতিৰ ঘটনা। এইবাৰ নলবাৰী চহৰৰ থানা চকত মোবাইল চুৰিৰ ঘটনা । গ্ৰাহকৰ ৰূপত আহি চুৰি কৰি লৈ গল ২৩০০০ টকীয়া বিলাসী ফোন । CCTV ত বন্দী হল সমগ্ৰ দৃশ্য ।
ঘটনাৰ বিৱৰণি মতে, শনিবাৰে সন্ধিয়া ৫:৫৫ মান বজাত এইগৰাকী যুৱকে মোবাইল চাবলৈ অহাৰ চলৰে এই দোকান খনত সোমাইছিল । মোবাইল চালে, তাৰ মাজতে এইগৰাকী যুৱকে VIVO কোম্পানীৰ মোবাইল চুৰি কৰি লৈ উধাও হয়।।
ইফালে সমগ্ৰ দৃশ্য বন্দী হৈ ৰল দোকানত থকা CCTV কেমেৰাত । যুৱকগৰাকীয়ে কথা কোৱাৰ চলৰে মোবাইল লৈ উধাও হ'ল । নলবাৰী সদৰ থানাৰ সন্মুখৰ মোবাইল দোকানৰ পৰা মোবাইল চুৰিৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইফালে দোকানৰ স্বত্বাধিকাৰী মুন্না আহমেদে এই সন্দৰ্ভত নলবাৰী সদৰ থানাত দাখিল কৰিছে এখন এজাহাৰ ।
Published by: Subham Goswami
FIRST PUBLISHED : March 26, 2023, 19:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।