শহুৰেকৰ ঘৰলৈ আহি চুৰি কৰিলে বাইক, ৰাইজে খেদি খেদি আটক কৰিলে চোৰক

News18 Assam | News18-Assam
Updated:September 15, 2020, 1:05 PM IST
শহুৰেকৰ ঘৰলৈ আহি চুৰি কৰিলে বাইক, ৰাইজে খেদি খেদি আটক কৰিলে চোৰক
চোৰে নেৰে চৌৰ্যবৃত্তি। শহুৰেকৰ গাঁৱতো চোৰ জোঁৱাইৰ চুৰিকাৰ্যৰ আখৰা।

চোৰে নেৰে চৌৰ্যবৃত্তি। শহুৰেকৰ গাঁৱতো চোৰ জোঁৱাইৰ চুৰিকাৰ্যৰ আখৰা।

  • News18 Assam
  • Last Updated: September 15, 2020, 1:05 PM IST
  • Share this:
সোমবাৰৰ সন্ধিয়া নগৰবেৰাত কোভিড প্ৰটকল ভাঙি ৰাজপথলৈ ওলাল কেইবাশতাধিক লোক। বাইক চোৰ ধৰাক লৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। ধৃত বাইক চোৰক উত্তম-মধ্যম শোধালে ৰাইজে। ৰাইজৰ প্ৰহাৰৰ পৰা চোৰক বচাবলৈ গৈ দবৰাদবৰিত বাগৰি পৰিল আৰক্ষীও।

চোৰে নেৰে চৌৰ্যবৃত্তি। শহুৰেকৰ গাঁৱতো চোৰ জোঁৱাইৰ চুৰিকাৰ্যৰ আখৰা। ধৃত চোৰটোৰ নাম ৰিজু আলী, ঘৰ ধুবুৰীৰ লক্ষীপুৰ অঞ্চলত, দক্ষিণ কামৰূপৰ নগৰবেৰাৰ পলাহৰটাৰীত শহুৰেকৰ ঘৰ। বেয়া ৰাস্তাৰ বাবে পলাহৰটাৰীৰ দোকুচি আদৰ্শ বিদ্যালয়ৰ কৰ্মচাৰী নজৰুল ইছলামে কিছু দূৰত AS25-N-0878 নম্বৰৰ পালছাৰ বাইকখন ৰখাই কিছু দূৰত থৈ গৈছিল বিদ্যালয়লৈ। গাঁৱৰ জোঁৱাই ৰিজু আলীয়ে দিন দূপৰতে অইন মানুহ নেদেখি উধাও হয় বাইকখন লৈ।

অৱশেষত ৰাইজৰ হাতত কেনেবাকে ধৰা পৰিল গাঁৱৰ জোঁৱাই ৰিজু আলী আৰু তাৰ পিছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। পিছত ধৃত চোৰটোক ৰাইজে নগৰবেৰা আৰক্ষীক গতাই দিয়ে।
Published by: Sanjay Kumar Das
First published: September 15, 2020, 1:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading