ৰঙিয়াৰ মৰাণজানাত ভি আই পি ছাগলী চোৰ আটক, ধৰা পৰা পিছত চোৰৰ লাগিল লাজ

বিগত সময়ছোৱাত আৰক্ষীৰ মূৰৰ কামোৰণি আছিল চোৰ দুটা।
বিগত সময়ছোৱাত আৰক্ষীৰ মূৰৰ কামোৰণি আছিল চোৰ দুটা।
- News18 Assam
- Last Updated: August 3, 2020, 8:40 AM IST
ধৰা পৰাৰ পিছতো চতুৰ চোৰে ঘনে ঘনে সলনি কৰি নিজৰ পৰিচয়। চোৰ দুটাৰ কৰ্মকাণ্ড দেখি একাংশই দিলে উত্তম–মধ্যম। খবৰ দিয়া হল ৰঙিয়া আৰক্ষীক। আৰক্ষীৰ উপস্থিত হোৱাত প্ৰকৃত পৰিচয় ওলাল চোৰ দুটাৰ। দীৰ্ঘদিনে বিভিন্ন চুৰিকাৰ্যত জড়িত এই চোৰ দুটা। বিগত সময়ছোৱাত আৰক্ষীৰ মূৰৰ কামোৰণি আছিল চোৰ দুটা। আৰক্ষীয়ে ইতিমধ্যে চোৰ দুটাক আটক কৰি থানালৈ লৈ আহে। দুয়োকে ৰঙিয়া থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।