নামতহে দিলদাৰ, কামত একেবাৰে জঘন্য, কি কৰিবলৈ যাওঁতে ধৰা পৰিল দিলদাৰ?

ইপিনে দিলদাৰ গ্ৰেপ্তাৰ হ’লেও পলাই যায় আন এটা গৰু চোৰ।
ইপিনে দিলদাৰ গ্ৰেপ্তাৰ হ’লেও পলাই যায় আন এটা গৰু চোৰ।
- News18 Assam
- Last Updated: August 16, 2020, 12:39 PM IST
দিলদাৰে আন সহযোগীৰ লগত মিলি ৰাষ্ট্ৰীয় ঘাইপথত এৰাল দিয়া দুটা পোৱালি গৰু চুৰি কৰি AS-02BC-8405 নম্বৰৰ মেজিক গাড়ীৰে হোজাইলৈ নিয়াৰ পথত বামুণগাঁৱত ৰাইজৰ সহযোগত উদালি আৰক্ষীয়ে কৰায়ত্ত কৰে। আৰক্ষীয়ে জব্দ কৰে গৰু চুৰিত ব্যৱহাৰ কৰা মেজিকখনো। ইপিনে দিলদাৰ গ্ৰেপ্তাৰ হ’লেও পলাই যায় আন এটা গৰু চোৰ।ইতিমধ্যে উদালি আৰক্ষীয়ে ঘটনা সংক্ৰান্তত এক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত।