உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • হোজাইত মন্দিৰৰ চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ গভাইত চোৰ

    হোজাইত মন্দিৰৰ চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ গভাইত চোৰ

    ধৃত ৰাজু দাসে মন্দিৰৰ পৰা সামগ্ৰী চুৰি কৰাৰ কথাও নিজে স্বীকাৰ কৰিছে।

    ধৃত ৰাজু দাসে মন্দিৰৰ পৰা সামগ্ৰী চুৰি কৰাৰ কথাও নিজে স্বীকাৰ কৰিছে।

    ধৃত ৰাজু দাসে মন্দিৰৰ পৰা সামগ্ৰী চুৰি কৰাৰ কথাও নিজে স্বীকাৰ কৰিছে।

    • Share this:
    হোজাইত মন্দিৰৰ চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰা হৈছে এটা গভাইত চোৰক। ধৃত চোৰটো নগাঁওৰ  ৰাজু দাস। ধৃত ৰাজু দাসৰ জিম্মাৰ পৰা আৰক্ষীয়ে  উদ্ধাৰ কৰিছে কিছুদিন পূৰ্বে ডাঙৰীয়া বাড়ি মন্দিৰৰ পৰা চুৰি হোৱা দুডাল বন্তি গছা, এটা কলহ, দুখন কাহী আৰু এটা বাতি।

    ইফালে, ধৃত ৰাজু দাসে মন্দিৰৰ পৰা সামগ্ৰী চুৰি কৰাৰ কথাও নিজে স্বীকাৰ কৰিছে। সম্প্ৰতি হোজাই আৰক্ষীৰ জিম্মাত থকা ৰাজু দাসক আৰক্ষীয়ে জেৰা চলোৱাৰ অন্তত আজি  জে’ললৈ প্ৰেৰণ কৰিব বুলি ভাৰপ্ৰাপ্ত বিষয়া তপন মেধিয়ে। উল্লেখযোগ্য যে ধৃত ৰাজু দাসৰ ঘৰ নগাঁও যদিও হোজাইৰ বিদ্যানগৰ গাঁৱত ভাড়াতীয়া হিচাপে আছিল বুলিও জনা গৈছে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: