হাজোৰ বৰম্বৈত ছাগলী চুৰি কৰিবলৈ আহি ধৰা পৰিল দুই চোৰ, তাৰ পিছত...

News18 Assam | News18-Assam
Updated:September 29, 2020, 12:14 PM IST
হাজোৰ বৰম্বৈত ছাগলী চুৰি কৰিবলৈ আহি ধৰা পৰিল দুই চোৰ, তাৰ পিছত...
হাজোৰ বৰম্বৈৰ এই অঞ্চলটোত প্ৰতিদিনেই এঘৰৰ পিছত আন এঘৰৰ চুৰি হৈ আহিছিল ছাগলী।

হাজোৰ বৰম্বৈৰ এই অঞ্চলটোত প্ৰতিদিনেই এঘৰৰ পিছত আন এঘৰৰ চুৰি হৈ আহিছিল ছাগলী।

  • News18 Assam
  • Last Updated: September 29, 2020, 12:14 PM IST
  • Share this:
হাজোত দিনক দিনে বাঢ়িছে চোৰ–ডকাইতৰ উপদ্ৰৱ। দিন দুপৰতে হাজোৰ বৰম্বৈত ছাগলী চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল দুই গভাইত চোৰ। ধৃত চোৰ দুটাৰ নাম চাইফুউদ্দিন আলী আৰু নাজিম আলী। এখন টেম্প’ৰে এঘৰত ছাগলী চুৰি কৰিবলৈ আহোতে দুই গভাইত চোৰক হাতে–লোতে ধৰিলে ৰাইজে।

ৰাইজে দুয়োকে বান্ধি দিলে উত্তম–মধ্যম। হাজোৰ বৰম্বৈৰ এই অঞ্চলটোত প্ৰতিদিনেই এঘৰৰ পিছত আন এঘৰৰ চুৰি হৈ আহিছিল ছাগলী। অৱশেষত উৰহী গছৰ ওৰ ওলাল। দিন দুপৰতে চুৰি কৰিবলৈ আহি গৃহস্থৰ হাতত ধৰা পৰিল হাজোৰ বৰ্ণিৰ এই দুই ছাগলী চোৰ। অৱশেষত আহিল হাজো আৰক্ষী। ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰিলে দুই চোৰক আৰু লৈ গ'ল থানালৈ।
Published by: Sanjay Kumar Das
First published: September 29, 2020, 12:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading