নগাঁও আৰক্ষীৰ জালত মহানগৰীৰ দুৰ্ধৰ্ষ চোৰৰ দল, উদ্ধাৰ হ'ল নগদ ধন, সোণৰ অলংকাৰ

News18 Assam | News18-Assam
Updated:October 30, 2020, 12:49 PM IST
নগাঁও আৰক্ষীৰ জালত মহানগৰীৰ দুৰ্ধৰ্ষ চোৰৰ দল, উদ্ধাৰ হ'ল নগদ ধন, সোণৰ অলংকাৰ
আৰক্ষীৰ জালত পৰা চোৰ দুটা হৈছে সোণাপুৰ তেতেলীয়াৰ অভিজিৎ দাস আৰু তাপস বৰ্মন।

আৰক্ষীৰ জালত পৰা চোৰ দুটা হৈছে সোণাপুৰ তেতেলীয়াৰ অভিজিৎ দাস আৰু তাপস বৰ্মন।

  • Share this:
মহানগৰীৰ বিভিন্ন প্ৰান্তত চুৰিকাৰ্যত জড়িত দুটা দুৰ্ধৰ্ষ চোৰক নগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা আটক কৰিছে। শেহতীয়াভাৱে মহানগৰীৰ পাৰ্শ্বৱৰ্তী ক্ষেত্ৰী অঞ্চলত চুৰিকাৰ্য সংঘটিত কৰা এই দুই দুৰ্ধৰ্ষ চোৰক আটক কৰিছে নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবিদুৰ ৰহমানৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে।

আৰক্ষীৰ জালত পৰা চোৰ দুটা হৈছে সোণাপুৰ তেতেলীয়াৰ অভিজিৎ দাস আৰু তাপস বৰ্মন। আৰক্ষীয়ে এই দুই চোৰৰ পৰা উদ্ধাৰ কৰিছে নগদ ৩ লাখ ৬০ হাজাৰ টকা, প্ৰায় ১০ লাখ টকাৰ সোণৰ গহণা আৰু এটা লেপটপ।

জানিব পৰা মতে, তেতেলীয়াত চুৰিকাৰ্য সংঘটিত কৰি এই দুই চোৰে নগাঁৱত আত্মগোপন কৰি আছিল। আৰক্ষীৰ জেৰাৰ পিছত চুৰিকাণ্ডত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে এই দুই চোৰে। ইতিমধ্যে দুয়োকে মহানগৰ আৰক্ষীক গতাই দিছে নগাঁও আৰক্ষীয়ে।
Published by: Sanjay Kumar Das
First published: October 30, 2020, 12:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading