মুখ্যপৃষ্ঠা »খবৰ »অসম »ঐতিহাসিক ৰংঘৰক কেন্দ্ৰ কৰি নিৰ্মাণ হ’ব ব্যয়বহুল প্ৰকল্প – ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ঐতিহাসিক ৰংঘৰক কেন্দ্ৰ কৰি নিৰ্মাণ হ’ব ব্যয়বহুল প্ৰকল্প – ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শিৱসাগৰত মূখ্যমন্ত্ৰীয়ে সদৰি কৰিলে পৰিকল্পনা 

শিৱসাগৰত মূখ্যমন্ত্ৰীয়ে সদৰি কৰিলে পৰিকল্পনা 

  • Share this:
ঐতিহাসিক ৰংঘৰক (Rong ghar) কেন্দ্ৰ কৰি এটা পৰ্যটন আৰু বিভিন্ন সা সুবিধা থকা এটা ব‌্যয়বহুল  প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)। ইতিমধ্যে ৮৩ বিঘা ভূমি অধিগ্ৰহণ কৰা হৈছে। নক্সা তৈয়াৰ কৰা হৈছে। দেওবাৰে শিৱসাগৰৰ (Sivsagar) যুৱদল প্ৰেক্ষাগৃহত বিশিষ্ট নাগৰিক, জাতীয় সংগঠনৰ প্ৰতিনিধি বৰ্গৰে হোৱা আলোচনাৰ অন্তত এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বিশিষ্ট নাগৰিকসকলে আগবঢ়োৱা পৰামৰ্শ চালি–জাৰি চোৱা পিছত সকলো চূড়ান্ত কৰা হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

প্ৰকল্পটোৰ  সন্দৰ্ভত মূখ্যমন্ত্ৰী গৰাকীয়ে  কয়, "প্ৰকল্পটোত ৫ হাজাৰ লোকে একেলগে বহি বিহু চাব পৰাকৈ এম পি থিয়েটাৰ হ'ব। ২ হাজাৰ লোক বহিব পৰা এম পি থিয়েটাৰ হ'ব। আধুনিক আৰু পৰম্পৰাগত খাদ্য সম্ভাৰেৰে এখন গাঁও নিৰ্মাণৰো ঘোষণা কৰে ড০ শৰ্মাই। পৰম্পৰাগত সাজ–পাৰ প্ৰদৰ্শনৰ ব্যৱস্থা থাকিব। অহা বিত্তীয় বৰ্ষৰ পৰাই এই ঘোষণাসমূহ কাৰ্যকৰী তথা ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিব বুলিও সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে।‌

আনহাতে, অহা দুমাহৰ ভিতৰত শিৱসাগৰৰ টাই যাদুঘৰ উন্নত কৰা হ'ব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে ৰংঘৰ পৰিষ্কাৰকৰণত বিসংগতি হোৱা বুলি উত্থাপন কৰা অভিযোগৰ তদন্ত জিলা উপায়ুক্তক কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

উল্লেখ্য যে আলোচনাকালত  শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী অশোক সিংঘাল, বিশিষ্ট ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক সুশান্ত বৰগোহাঁই, কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি বহু সংখ্যক গণ্য–মান্য ব্যক্তি উপস্থিত থাকে।

শেহতীয়া বাতৰি