• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজীৱ ভৱনৰ তলত পাণৰ দোকান, ওপৰত ঘঁড়ীৰ দোকান হ'ব : বদৰুদ্দিন আজমল

ৰাজীৱ ভৱনৰ তলত পাণৰ দোকান, ওপৰত ঘঁড়ীৰ দোকান হ'ব : বদৰুদ্দিন আজমল

ৰাজী ভৱনত আজমলৰ নাম নিষিদ্ধ কৰা সন্দৰ্ভত আজমলে কয়, ‘‘ৰাজীৱ ভৱনত আজমলৰ নাম ল'বলৈ মানা কৰিছে, কিন্তু সকলোৰে মুখে মুখে আজমলৰ নাম।’’

  • Share this:
‘‘ৰাজীৱ ভৱনৰ তলত পাণৰ দোকান, ওপৰত ঘঁড়ীৰ দোকান হ'ব। ইয়াৰ বাবে ভাড়াঘৰ বিচাৰিছিল আমাৰ বিধায়কে।’’ – এই মন্তব্য কৰিছে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে। AIUDFৰ প্ৰধান শত্ৰু বিজেপি, কংগ্ৰেছ শত্ৰুও নহয়, মিত্ৰও নহয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে আজমলে।

আজমলে কয়, ভূপেন বৰাৰ লগত এতিয়া কোন আছে? নিঃশ্চিহ্ন হ'ব কংগ্ৰেছ। ৬ জনক গাড্ডাৰ সজাইছেই। এজনো বিধায়ক লগত নাই। আমাৰ লগত কিছু আহিব, আৰু বাকীবোৰ বিজেপিলৈ যাব।

জেহাদী প্ৰসংগত মুখ খোলাৰ পৰা বিৰত থাকি আজমলে মুখ্যমন্ত্ৰী-প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সমৰ্থনৰ কথা সদৰি কৰে।  স্বাধীনতা দিৱসত সকলোকে পতাকা উত্তোলনৰ আহ্বান আজমলৰ। মন্দিৰ-মছজিদতো পতাকা উত্তোলনৰ আহ্বান জনালে আজমলে।

ৰাষ্ট্ৰপতি নিৰ্বাচনত যশৱন্ত সিনহাক ভোট দিছো বুলি মন্তব্য কৰি আজমলে কয়, ‘‘আমাৰ সকলো বিধায়কে সিনহাক ভোট দিছে। কংগ্ৰেছৰ বিধায়কে ক্ৰছ ভোটিং কৰিছে।’’

ৰাজী ভৱনত আজমলৰ নাম নিষিদ্ধ কৰা সন্দৰ্ভত আজমলে কয়, ‘‘ৰাজীৱ ভৱনত আজমলৰ নাম ল'বলৈ মানা কৰিছে, কিন্তু সকলোৰে মুখে মুখে আজমলৰ নাম।’’
Published by:Sanjay Kumar Das
First published: