মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam BJP : ''বিজেপিত নাই উজনি-নামনি, চলা নাই ভৱেশ কলিতা হটাও অভিযান।'' — কামাখ্যা প্ৰসাদ তাছা

Assam BJP : ''বিজেপিত নাই উজনি-নামনি, চলা নাই ভৱেশ কলিতা হটাও অভিযান।'' — কামাখ্যা প্ৰসাদ তাছা

জে পি নাড্ডা আৰু অমিত শ্বাহৰ উপস্থিতিত ৮ অক্টোবৰত গুৱাহাটীত ৪০ হাজাৰ দলীয় কার্যকৰ্তাৰ বিশাল সন্মিলন

জে পি নাড্ডা আৰু অমিত শ্বাহৰ উপস্থিতিত ৮ অক্টোবৰত গুৱাহাটীত ৪০ হাজাৰ দলীয় কার্যকৰ্তাৰ বিশাল সন্মিলন

  • Share this:
''আগন্তুক ২০২৪ চনত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নেতৃত্বতেই দলে সাংগঠনিক কাম–কাজ ব্যাপক কাৰ্যসূচীৰে সৰ্বব্যাপী আৰু সৰ্বস্পৰ্শী নীতিৰ আধাৰত আগবঢ়াই নিছে।” — এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ কামাখ্যা প্ৰসাদ তাছাৰ ৷  মঙলবাৰে এক বিবৃতিযোগে তাছাই লগতে কয় যে বর্তমানে ৰাজ্যিক সভাপতি সলনি হোৱাৰ কোনো চিন্তাচৰ্চা দলৰ মজিয়াত হোৱা নাই।

তাছাই কয়-  ''একাংশ সংবাদ মাধ্যমে ৰাজ্যিক সভাপতি সলনি হ'ব বুলি ভিত্তিহীন তথ্যৰ আধাৰত বাতৰি পৰিৱেশন কৰি আহিছে। এনে ভিত্তিহীন বাতৰিক গুৰুত্ব প্ৰদান নকৰিবলৈ ৰাজ্যবাসীক আহ্বান জনোৱাৰ লগতে সংবাদ মাধ্যমকো তথ্যৰ ভিত্তিত বাতৰি পৰিৱেশনৰ বাবে অনুৰোধ জনাইছোঁ। অনুমানৰ ভিত্তিত কৰা বাতৰিয়ে সমাজত ভুল বুজাবুজিৰ সৃষ্টি কৰাৰ উপৰি তেনে খবৰে বাতৰি পৰিৱেশন কৰা সংবাদ প্রতিষ্ঠানৰো গৰিমা ম্লান কৰে।''

উল্লেখযোগ্য যে ভৱেশ কলিতাৰ নেতৃত্বতেই অহা ৮ অক্টোবৰৰ দিনা গুৱাহাটীত দলীয় কার্যকৰ্তাৰ এক বিশাল সন্মিলন খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ'ব। প্রায় ৪০ হাজাৰ দলীয় দায়িত্বত থকা কার্যকর্তাই অংশগ্রহণ কৰিবলগীয়া এই সন্মিলনখনত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব।

তাছাই উল্লেখ কৰা অনুসৰি– ''ৰাজ্যিক বিজেপিৰ ৰাজনৈতিক নেতৃত্ব পৰিৱৰ্তনক লৈ দলৰ শীৰ্ষ মহলত কোনোধৰণৰ চিন্তা-চৰ্চা হোৱা নাই, সেয়া স্পষ্ট ৷ অসমৰ সকলো ভৌগোলিক ক্ষেত্ৰ সামৰি ভাৰতীয় জনতা পাৰ্টিৰ ৪০ খন সাংগঠনিক জিলা, ৪০০ টা মণ্ডল, ৬৫০০ টা শক্তি কেন্দ্ৰৰ উপৰি ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীকে ধৰি সৰ্বস্তৰৰ লোকৰ ৰাজনৈতিক অংশীদাৰিত্ব নিশ্চিত কৰি দলৰ ৮ টাকৈ মৰ্চাই অতি সবল আৰু বলিষ্ঠভাৱে পাহাৰ-ভৈয়াম, বৰাক-ব্ৰহ্মপুত্ৰৰ সকলো ক্ষেত্ৰক সামৰি ব্যাপক হাৰত সাংগঠনিক কামত নিজকে উৎসর্গা কৰি আহিছে। ইয়াৰোপৰি এই বিশাল দলীয় সংগঠনৰ গঢ়ি তোলাৰ বাবে দলৰ ৪৫ লাখতকৈও অধিক কার্যকর্তাই আগবঢ়োৱা নিৰলস-নিৰৱচ্ছিন সেৱা আৰু সহযোগিতাই ৰাজ্যখনত ২৮ হাজাৰতকৈও অধিক বুথ সমিতিৰ এক বিশাল দলীয় সংগঠন গঢ়ি তুলিছে। দলৰ এই বিশালতাৰ মাজত কেতিয়াও পাহাৰ-ভৈয়াম, বৰাক-ব্রহ্মপুত্র, উজনি-নামনি, উত্তৰপাৰ- দক্ষিণপাৰ আদিৰ বিষয়ে কোনো চিন্তাই নহয়। দলৰ মঞ্চত প্ৰতিজন কাৰ্যকৰ্তাৰে নিশ্চিত আৰু নিৰ্ধাৰিত ভূমিকা থাকে। দলীয় সিদ্ধান্ত অনুসৰিয়েই প্ৰতিজন কার্যকর্তাই নিজৰ নিজৰ দায়িত্ব পালন কৰি আহিছে। ভাৰতীয় জনতা পাৰ্টিয়ে সংগঠনৰ বিষয়ত ক্ষেত্র তথা অঞ্চল ভিত্তিক কোনো বিষয় কেতিয়াও চর্চা নকৰে। বৰঞ্চ সকলো অঞ্চলকে সমান গুৰুত্ব দি সংগঠন শক্তিশালী কৰাতহে দলে গুৰুত্ব দি আহিছে। ফলত সমগ্ৰ ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন আটাইতকৈ প্ৰভাৱী আৰু শক্তিশালী বুলি চিহ্নিত হৈছে।''

সেয়ে একাংশ লোকে অসম বিজেপিত উজনি-নামনিৰ মাজত মত বিৰোধ থকা বুলি চলোৱা প্ৰচাৰো গোকাট মিছা আৰু একেবাৰে ভিত্তিহীন বুলি বিবৃতিটোত উল্লেখ কৰে তাছাই ৷

শেহতীয়া বাতৰি