শেহতীয়াকৈ ৰাজ্যত চলা বাঘ হাজৰিকা কেন্দ্ৰীক বিতৰ্কৰ যেন ওৰকে নপৰিব ৷ ঠিক তেনে এক পটভূমি সৃষ্টি হৈছে অসমত ৷ বিতৰ্কৰ দুৱাৰ আকৌ এবাৰ মুকলি কৰি দিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে বাঘ হাজৰিকাৰ অৱস্থিতি যে বুৰঞ্জীমূলক নহয় তাৰ প্ৰমানো দিছে এইবাৰ বুৰঞ্জীৰ তথ্যৰ আধাৰত ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এফালৰ পৰা কৈ গ'ল এইদৰে— "অসম অভিন্ন ভাৰতৰ এটা অংগ ৷ ১৮২৬চন আমাৰ বাবে এটা ঘটনাহে ৷ ই সেই সময়ত ঘটা ঘটনাৰ বাদে একো নহয় ৷ কংগ্ৰেছ আৰু ৰাহুল গান্ধীয়ে ভাৰতক Union State বুলি কয় ৷ কিন্তু এয়া বাস্তৱ নহয় ৷ ভাৰত সাংস্কৃতিকভাৱে এক ৷ দাক্ষিণাত্যত যদি সূৰ্য পূজা কৰে আমাৰ ইয়াতো কৰে ৷ এক কথাত সংবিধানে ভাৰতৰ পৰিভাষাক সলনি কৰিব নোৱাৰে ৷ ভাৰতৰ লগত কোনোৱাই আমাক লগাই দিয়া নাই ৷ ৫০০০বছৰীয়া সম্পৰ্ক আছে অসম ভাৰতৰ ৷ অসমৰ জাতীয় জীৱনক ভাবিব নোৱাৰা ক্ষতি কৰি থৈ গ’ল বাওঁপন্থীসকলে ৷ বিচ্ছিন্নতাবাদী চিন্তা বাওঁপন্থীসকলে ৰোপন কৰি থৈ গ’ল ৷ বাঁওপন্থীসকলে আমাৰ মাজত নিৰাশাৰ বতৰা আনিব খোজে ৷ স্বামী বিবেকানন্দই আশাৰ বতৰা আনে ৷ আজিৰ দিনটোত সকলোৰে সন্মুখত শৰাইঘাটৰ কেইটামান পৃষ্ঠা দাঙি ধৰিব খুজিছো ৷ আমি যদি আমাৰ কথা জানিব লগীয়া হয় তেন্তে আমি নতুনকৈ বুৰঞ্জী লিখিব লাগিব ৷ আমি বাওঁপন্থীসকলৰ পৰা আমাৰ বুৰঞ্জীক মুক্ত কৰিব লাগিব ৷ আমি নতুনকৈ লিখিব লাগিব বুৰঞ্জী ৷ বাওঁপন্থীসকলে শৰাইঘাটৰ ৰণৰ বিষয়ে আমাক জানিবলৈ দিয়া নাছিল ৷ ইটাখুলি ৰণৰ সেনাপতি কোন আছিল আমাক জানিবলৈ দিয়া নাই ৷ কেৱল লাচিত আৰু বাঘ হাজৰিকাৰ কথা কোৱা হয় ৷"
বিজেপি যুৱ মৰ্চা অসম প্ৰদেশে স্বামী বিবেকানন্দ জন্মদিন উপলক্ষে আয়োজন কৰা ৰাষ্ট্ৰীয় যুৱ দিৱসৰ 'যুগদৃষ্টি' অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে ক'লে, "এই ধৰ্মীয় বীজ কোনে ৰোপন কৰিছিল? লাচিতৰ ফটোৰ কাষত কিয় বাঘ হাজৰিকাৰ ফটো? ক’তো পঢ়িবলৈ নোপোৱা বাঘ হাজৰিকাৰ উপস্থাপন কিয় এনেকৈ কৰা হৈছে? ১ লাখ মানুহে যুদ্ধ কৰিছিল শৰাইঘাটৰ ৰণত ৷ তাত থাকিব পাৰে বাঘ বুলি কোনোবা এজন, কিন্তু সেনাপতি নহয় ৷ আমাক যদি এইবোৰ জানিবলৈ দিয়া হয় তেতিয়া বাওঁপন্থীৰ লক্ষ্য পুৰন নহয় ৷ কোন ক'ত থাকিব যেতিয়া যুদ্ধৰ সময়ত দায়িত্ব ভাগ কৰা হৈছিল বাঘ হাজৰিকা ক'তো নাছিল ৷ মই নৰ হাজৰিকাৰ কথা ক'লে মোক কয় আমি হেনো বুৰঞ্জী নপঢ়ো ৷ সূৰ্য কুমাৰ ভূঞাৰ বুৰঞ্জীত নৰ হাজৰিকা আছে ৷ আলাবৈৰ ৰণত কোন আছিল? লাচিত বৰফুকনৰ মৃত্যুৰ সময়ত কাষত ৰূপৰাম বনীয়া কাকতীকহে সকলো কথা লিখিবলৈ কৈ গৈছিল ৷ কোনো বাঘ হাজৰিকা নাছিল লগত ৷ বুৰঞ্জীত নাম থাকিলেও নৰ হাজৰিকা,ৰূপৰাম এইবোৰৰ পৰা আমাক আঁতৰাই ৰাখিছিল বুদ্ধিৰে ৷ আমাক চিনাকি কৰি দিছিল এক বিশেষ চিন্তাৰে বাঘ হাজৰিকাৰ লগতহে ৷ আমাৰ বুৰঞ্জীক বিকৃত কৰিলে আমি প্ৰত্যাহ্বান জনামেই ৷ অসমীয়া মুছলমানৰ বৰঙণি বুলি ক'লে বাহাদুৰ গাঁওবুঢ়াৰ, মইদুল ইছলাম বৰাৰ আছিল, স্বীকাৰ কৰিছোঁ ৷ কিন্তু শৰাইঘাটত কোনো মুছলমান বীৰৰ অৰিহণা ক'তো পোৱা নাই ৷ লাচিত বৰফুকনে কাঠেৰে তৈয়াৰী নাও আৰু উজনি অসমত প্ৰস্তুত কৰা বৰটোপেৰে যুঁজ দিছিল ৷"
একেটা ভাষণতে মুখ্যমন্ত্ৰীয়ে নামনি অসমৰ মানুহেহে খেতি কৰে বুলি থকা ধাৰণাও ভুল বুলি উল্লেখ কৰিলে ৷ "খেতি আগতে বৰপেটা-ধুবুৰীতে হয় বুলি এটা ভুল ধাৰণা আছিল ৷ সেই ভুল এইবাৰ ভাগিল, ধেমাজি লখিমপুৰ,মাজুলী কাৰ্বি আংলঙত ভাল খেতি কৰে ৷ বাওঁপন্থী আৰু আঞ্চলিক শক্তিয়ে আমাক আন্দোলন কৰিলেহে দলং, শোধানাগাৰ সকলো পাই বুলি আমাক বুজাই দিছিল। কিন্তু এতিয়াতো কোনো এখন দলং আন্দোলন কৰি পাবলগীয়া হোৱা নাই ৷ সহজ টকাৰ কথা চিন্তা কৰিলে জাতিটোত কোনেও উদ্ধাৰ কৰিব নোৱাৰে। আমাৰ মাজত এটা প্ৰজন্ম আছে যিয়েই চিন্তা কৰি থাকে বিহু আহিলে চান্দাটো কিমান তুলিম। এটা প্ৰজন্মই চিন্তা কৰি থাকে চৰকাৰৰ পৰা কিবা এখন অৰ্ডাৰ ওলাওক বন্ধ এটা দি দিম ৷ আমাৰ মানুহে গমেই নাপাই কেবিনেটত কি সিদ্ধান্ত লয় চৰকাৰে। কিন্তু বৰপেটা,ধুবুৰীৰ পৰা মোলৈ মেছেজ আহে দাদা কেবিনেটত এইটো কৰা হৈছে নেকি ? শেহতীয়াকৈ পুলিচত EWS ত চাকৰি পোৱা বহুতেই চৰ অঞ্চলৰ মুছলমান সমাজৰ। তেওঁলোকে সকলো নথি সাজু কৰি থৈছে। কিন্তু আমাৰ সকলে আকৌ চাকৰি এটা ল'বলৈও EWS খন উলিয়াবলৈ লাজ কৰে ৷ মেডিকেল,ইঞ্জিনিয়াৰিঙত আসন আজি কালি তিনিচুকীয়া,শদিয়াতকৈ বৰপেটা,ধুবুৰীৰ পৰা বেচি পায় ৷ মই তেওঁলোকে পাব নালাগে বুলি কোৱা নাই, কিন্তু আমাৰ অনিহাবোৰ আমি দূৰ কৰিব লাগিব ৷"— মুখ্যমন্ত্ৰী
Published by: Kokil Sarma
FIRST PUBLISHED : January 12, 2023, 19:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।