মুখ্যপৃষ্ঠা »খবৰ »অসম »বিধায়ক সন্দৰ্ভত DGPয়ে কৰা মন্তব্যত নাই বিশেষাধিকাৰ ভংগৰ প্ৰমাণ!

বিধায়ক সন্দৰ্ভত DGPয়ে কৰা মন্তব্যত নাই বিশেষাধিকাৰ ভংগৰ প্ৰমাণ!

কংগ্ৰেছে দিয়া অভিযোগতো পোৱা নাই উপযুক্ত প্ৰমাণঃ অধ্যক্ষ

কংগ্ৰেছে দিয়া অভিযোগতো পোৱা নাই উপযুক্ত প্ৰমাণঃ অধ্যক্ষ

কংগ্ৰেছে দিয়া অভিযোগতো পোৱা নাই উপযুক্ত প্ৰমাণঃ অধ্যক্ষ

  • Share this:

ছিপাঝাৰৰ গৰুখুঁটিত সংঘটিত ঘটনাৰ দিনা সাংবাদিকৰে হোৱা বাৰ্তালাপত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই বিধায়ক সন্দৰ্ভত 'মই পুলিচ ৷ মই বিধায়ক-চিধায়ক নামানো' বুলি মন্তব্য কৰিছিল ৷


আৰক্ষী সঞ্চালকপ্ৰধানৰ এই মন্তব্য সন্দৰ্ভত বিৰোধী কংগ্ৰেছে অধ্যক্ষৰ সন্মুখত বিশেষাধিকাৰ ভংগৰ অভিযোগ দিছিল ৷ কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত অধ্যক্ষই কৰা তদন্তত উপযুক্ত তথ্য-প্ৰমাণ পোৱা নাই বুলি বুধবাৰে সদৰী কৰে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে।


বুধবাৰে সাংবাদিকৰে হোৱা বাৰ্তালাপত অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে কয়- “ভিডিঅ ফুটেজত পোৱা তথ্যৰ আধাৰত বিশেষাধিকাৰ ভংগৰ তথ্য-প্ৰমাণ পৰ্যাপ্ত নহয় ৷ DGPয়ে মন্তব্য কৰাৰ সময়ত কোনো বিধায়ক উপস্থিত নাছিল ৷ সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কৰা মন্তব্যৰ আগৰ আৰু পিছৰ সবিশেষ ভিডিঅ'-অডিঅ' কোনেও বিধানসভাত জমা দিয়া নাই ৷ অভিযোগ দিয়া কংগ্ৰেছেও কোনো তথ্য জমা দিয়া নাই ৷”

শেহতীয়া বাতৰি