• Home
  • »
  • News
  • »
  • assam
  • »
  • 'BPFৰ লগত বিজেপিৰ কোনো আনুষ্ঠানিক মিত্ৰতা নাই'- AJP আৰু ৰাইজৰ দলৰ ভেঁটি ক'ত বুলিও প্ৰশ্ন কৰিলে বিজেপিৰ সভাপতি ভৱেশ কলিতাই

'BPFৰ লগত বিজেপিৰ কোনো আনুষ্ঠানিক মিত্ৰতা নাই'- AJP আৰু ৰাইজৰ দলৰ ভেঁটি ক'ত বুলিও প্ৰশ্ন কৰিলে বিজেপিৰ সভাপতি ভৱেশ কলিতাই

৭,৮ অক্টোবৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন।

৭,৮ অক্টোবৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন।

৭,৮ অক্টোবৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন।

  • Share this:
আসন্ন পাঁচটাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপি মিত্ৰজোঁটে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম ৷ দেওবাৰে UPPLএ গোঁসাইগাঁও আৰু তামুলপুৰৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পিছত সোমবাৰে বিজেপিয়ে ঘোষণা কৰিলে ভৱানীপুৰ,থাওৰা আৰু মৰিয়নীৰ প্ৰাৰ্থীৰ নাম ৷

অৱধাৰিত ভাৱে এই তিনিওটা সমষ্টিতে বিজেপিয়ে প্ৰক্ষেপিত কৰিলে ফণীধৰ তালুকদাৰ, ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোঁহাইক ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ক'লে, "আমি তিনিজনক প্ৰাৰ্থিত্ব প্ৰদান কৰিছো ৷ ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বই ভৱানীপুৰৰ বাবে ফণীধৰ তালুকদাৰ, থাওৰাৰ বাবে সুশান্ত বৰগোঁহাই আৰু মৰিয়নীৰ বাবে ৰূপজ্যোতি কুৰ্মীৰ নাম ঘোষণা কৰিছে ৷ আমি এই তিনিওটা সমষ্টিতে আগবাঢ়ি আছো ৷ তিনিওজনৰে নিজা ভোট আছে, লগতে আমাৰো ভোট আছে সমষ্টি কেইটাত ৷ আমি এই তিনি সমষ্টিত বিৰোধীতকৈ এখোজ আগত ৷"— ভৱেশ কলিতা

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই লগতে দৰ্শালে বিজেপি মিত্ৰজোঁট কিয় জয়ী হ'ব উপ নিৰ্বাচনত ৷ সভাপতি কলিতাৰ মতে, ৰাইজে সংস্কাৰ সাধনৰ উদ্দেশ্যে কৰা চৰকাৰৰ কাম-কাজ, বিৰামহীন উন্নয়নৰ স্বাৰ্থতে মিত্ৰজোঁটে পাব ভোটাৰৰ পাৰভঙা সঁহাৰি ৷
বিপিএফৰ সৈতে কোনো ধৰণৰ আনুষ্ঠানিক বুজাবুজি নাই হোৱা বুলি মিত্ৰতাৰ দুৱাৰত তলা মাৰি লগতে ক'লে ভৱেশ কলিতাই,"আমাৰ লগত কোনো আনুষ্ঠানিক মিত্ৰতা নাই বিপিএফৰ ৷ হাগ্ৰামা মহিলাৰীয়ে ক'ত কি কৈছে সেয়া বেলেগ বিষয় ৷ আমাৰ মিত্ৰতা UPPL আৰু অগপৰ সৈতে ৷ আমি মিত্ৰতাৰ ধৰ্ম ভংগ নকৰো ৷ UPPLএ বিচৰা আসন আমি দিছো ৷ মিত্ৰতাৰে আমি খেলা নিৰ্বাচন ইতিবাচক আছিল আৰু আকৌ ইতিবাচকেই হ'ব ৷"— ভৱেশ কলিতা

ইফালে অসম জাতীয় পৰিষদ, ৰাইজৰ দল, কংগ্ৰেছৰ মাজত হোৱা মিত্ৰতাই বিজেপি মিত্ৰজোঁটক কোনো ক্ষতি কৰিব নোৱাৰে বুলি দৃঢ়তাৰে ক'লে সভাপতি ভৱেশ কলিতাই। ক'লে, "অজাপ, ৰাইজৰ দলৰ ভেটি ক'ত? একোৱেই নাই ৷ আমাৰ মিত্ৰজোঁটৰ তিনি শক্তিয়ে কামৰ দ্বাৰা মানুহৰ মন জয় কৰিছে ৷ আমি শক্তিশালী স্থিতিত ৷ মাজুলীত অজাপই একো কৰিব পৰা নাছিল আৰু নোৱাৰে ৷"— ভৱেশ কলিতা।
Published by:Himangshu Bhuyan
First published: