মুখ্যপৃষ্ঠা »খবৰ »অসম »Nagaon Police: নগাঁও আৰক্ষীত শীঘ্ৰেই ব্যাপক ৰদবদলৰ সম্ভাৱনা, বিশ্বনাথ জিলাৰ বহু আৰক্ষী বিষয়াক নগাঁৱলৈ বদলি কৰাৰ প্ৰস্তুতি

Nagaon Police: নগাঁও আৰক্ষীত শীঘ্ৰেই ব্যাপক ৰদবদলৰ সম্ভাৱনা, বিশ্বনাথ জিলাৰ বহু আৰক্ষী বিষয়াক নগাঁৱলৈ বদলি কৰাৰ প্ৰস্তুতি

অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু আৰক্ষী পৰিদৰ্শক পৰ্যায়ত ব্যাপক ৰদবদলৰ সম্ভাৱনা

অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু আৰক্ষী পৰিদৰ্শক পৰ্যায়ত ব্যাপক ৰদবদলৰ সম্ভাৱনা

  • Share this:
নগাঁও আৰক্ষীত ব্যাপক ৰদবদলৰ সম্ভাৱনাই দেখা দিছে। বিশ্বনাথ জিলাৰ পৰা নগাঁৱলৈ আৰক্ষী অধীক্ষক হিচাপে এপিএছ বিষয়া লীনা দলে বদলি হৈ অহাৰ পিছতে ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাক বদলি কৰি তেওঁৰ স্থানত বিশ্বনাথ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ কুমাৰ ৰয়ক ৰূপহীহাটৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপে নিযুক্তি প্ৰদান কৰা হৈছিল।

উল্লেখযোগ্য যে মাত্ৰ কেইমাহমান পূৰ্বে ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপে যোগদান কৰা নিপু কলিতাই পূৰ্বে জখলাবন্ধাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপে কৰ্মৰত হৈ থকা অৱস্থাত বহু চোৰাংচিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে গঁড়হত্যাৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰাৰ বাবেই তেওঁক অসম চৰকাৰে পুৰস্কৃত কৰিছিল।

আৰক্ষী পৰিদৰ্শক হিচাপে পদোন্নতি লাভ কৰি ৰূপহীহাটত নিযুক্তি লাভ কৰাৰ পিছতো নিপু কলিতাই ৫কোটি টকাৰ ড্ৰাগছ জব্দ কৰি পাৰদৰ্শিতাৰ পৰিচয় দিছিল। কিন্তু হঠাৎ আৰক্ষীৰ শীৰ্ষ মহলে ৰূপহীহাটৰ পৰা নিপু কলিতাক বদলি কৰি তেওঁৰ স্থানত বিশ্বনাথৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ কুমাৰ ৰয়ক নিযুক্তি প্ৰদান কৰে।

এই কথাই নগাঁৱত (Nagaon) তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছিল। কিন্তু আৰক্ষীৰ এক ভিতৰুৱা সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি এইগৰাকী সঞ্জীৱ কুমাৰ ৰয়ক এতিয়া মনোজ ৰাজবংশীৰ স্থানত নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তুতি চলাইছে আৰক্ষীৰ এটা শীৰ্ষমহলে।

মনোজ ৰাজবংশীয়ে নগাঁও সদৰ আৰক্ষী থানাত যোগদান কৰা এটা বছৰ সম্পূৰ্ণ নৌহওঁতেই কি কাৰণত আৰক্ষীৰ শীৰ্ষ মহলে তেওঁক বদলি কৰাৰ বাবে প্ৰস্তুতি চলাইছে সেয়াও ৰহস্যজনক! একেদৰে বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) কুলেন্দ্ৰ নাথ ডেকাক নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ৰূপে বদলি কৰাৰ বাবে আৰক্ষীৰ শীৰ্ষ মহলে প্ৰস্তুতি চলাইছে।

নগাঁৱৰ বৰ্তমানৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰাক ইতিমধ্যে জাজৰিৰ অসম আৰক্ষীৰ ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে। সেয়ে তেওঁৰ স্থানত বিশ্বনাথৰ আৰক্ষী বিষয়াগৰাকীক নিযুক্তি দিয়াটো প্ৰায় নিশ্চিত। একেদৰে বিশ্বনাথ জিলাৰ আৰু বহু আৰক্ষী বিষয়াক নগাঁৱলৈ বদলি কৰাৰ বাবে প্ৰস্তুতি চলাইছে অসম আৰক্ষীৰ শীৰ্ষ মহলে। পিছে অসমৰ আন জিলাক বাদ দি কেৱল বিশ্বনাথ জিলাৰ পৰা নগাঁৱলৈ আৰক্ষী বিষয়াক বদলি কৰাৰ বাবে কিয় অসম আৰক্ষীৰ এটা বিশেষ মহল তৎপৰ হৈছে তাক লৈ বৰ্তমান সৰ্বত্ৰ ব্যাপক চৰ্চা চলিছে।

শেহতীয়া বাতৰি