আচলতে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ কাৰ? কাৰ পক্ষত আছে অখিল গগৈ? অখিল গগৈয়ে শাসকীয় BJPক সততে কঠোৰ সমালোচনা কৰা দেখা যায় ৷ বিৰোধীৰ ভূমিকা অসম বিধানসভাৰ মজিয়াতো লোৱা দেখা যায়। কিন্তু সদনৰ বাহিৰে-ভিতৰে অখিল গগৈয়ে বিৰোধী AIUDFক সাম্প্ৰদায়িক দল বুলি সমালোচনাও কৰা দেখা যায়।
ইয়াৰ মাজতে এতিয়া কংগ্ৰেছৰে মিত্ৰতাৰ বাবে খৰখেদা কৰা দেখা গৈছে অখিল গগৈয়ে ৷ একাধিকবাৰ দুয়োটা দলৰ মাজত আলোচনাও হৈছে ৷
শিৱসাগৰৰ এখন হোটেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰে দুদিন পূৰ্বে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ এক বৈঠকো অনুষ্ঠিত হৈ যায় ৷ সেই বৈঠক সন্দৰ্ভত বুধবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শাসকীয় বিজেপি আৰু বিৰোধী AIUDFৰ বিধায়কে ৷ বিজেপি বিধায়ক মৃণাল শইকীয়াই ক'লে- “অখিল গগৈয়ে কেতিয়াবা বিৰোধীৰ লগত বহে আৰু কেতিয়াবা আমাৰ লগত বহে ৷ তেওঁ ক'ত বহে তেওঁ নিজেই নাজানে। ”
ইপিনে কেইদিনমান আগলৈ সাপ-নেওলৰ দৰে কথা কটা-কটিত লাগি থকা AIUDFক বুধবাৰে কিছু নৰম হোৱা দেখা গ'ল ৷ AIUDFৰ জ্যেষ্ঠ বিধায়ক আমিনুল ইছলামে ক'লে- “অখিল গগৈৰ লগত আমাৰ মিল আছে ৷ মহাজোঁটত AIUDF আছে, AIUDFৰ প্ৰয়োজনীয়তা কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ AIUDF নহ'লে কংগ্ৰেছে ২৫খন আসনো নাপালেহেঁতেন বিগত নিৰ্বাচনত ৷ অখিল গগৈৰ চৰ্ত কংগ্ৰেছে কি কৰে সেয়া কংগ্ৰেছৰ কথা, কিন্তু অখিলৰ বিজেপিবিৰোধী স্থিতি আমাৰ সৈতে মিল আছে ৷ কিন্তু মহাজোঁটত AIUDF এলাগী হোৱা নাই এতিয়াও ৷”
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|