মে’ মাহত ৰাজ্যিক কৰ্মচাৰীক দৰমহা দিয়াত নাথাকিব কোনো অসুবিধা। এই মন্তব্য কৰিছে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু জুন মাহত কৰ্মচাৰীক দৰমহা দিয়াত হ’ব পাৰে সমস্যা। কাৰণ মে’ মাহত ৰাজ্যৰ কোষাগাৰ খুলিব পৰা যাব নে নাই সেই কথা এতিয়াই নিশ্চিত নহয়।
উল্লেখযোগ্য যে, অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱাত ৰাজ্য চৰকাৰে মে’ মাহত ৰাজ্যিক কৰ্মচাৰীক দৰমহা দিয়াত সমস্যা থকা বুলি জনাইছিল হিমন্ত বিশ্ব শৰ্মাই। আনকি এই সন্দৰ্ভত অহা ২২ এপ্ৰিলৰ ভিতৰত চৰকাৰে সিদ্ধান্ত ল’ব বুলিও জানিবলৈ দিছিল। কিন্তু সোমবাৰে সংবাদমেল সম্বোধন কৰি এতিয়া মন্ত্ৰী শৰ্মাই আগন্তুক মে’ মাহৰ পৰিৱৰ্তে জুন মাহত হে কৰ্মচাৰীক দৰমহা দিয়াত সমস্যা হ’ব বুলি জনায়।
ইফালে অহা ২৪ এপ্ৰিলত ৰাইজৰ বাবে মুকলি হ’ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|