বিউটি পাৰ্লাৰ, হেয়াৰ কাটিং চেলুন, স্পা আৰু মাছাজ পাৰ্লাৰলৈ কঠোৰ নিৰ্দেশনা গুৱাহাটী পৌৰ নিগমৰ। বহুলোকৰ পৰা পোৱা অভিযোগৰ ভিত্তিত কঠোৰ হৈছে GMC কৰ্তৃপক্ষ। বহুতে বিভিন্ন সময়ত অভিযোগ কৰে যে, মাছাজ পাৰ্লাৰ বা স্পা চেলুনত অনৈতিক কাৰ্য চলে। আৰু এনে অভিযোগৰ ভিত্তিতে পৌৰ নিগম কৰ্তৃপক্ষই পাৰ্লাৰসমূহলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।
জাননী অনুসৰিঃ
- বিপৰীত লিংগৰ দ্বাৰা মাছাজ কৰাব নোৱাৰিব। অর্থাৎ কোনো পুৰুষক মহিলাই বা মহিলাই পুৰুষক মাছাজ দিব নোৱাৰিব।
- কোনো ধৰণৰ পৃথক ৰূম অথবা চেম্বাৰ থাকিব নোৱাৰিব পাৰ্লাৰ আৰু স্পা চেলুনত।
- নিৰ্দিষ্ট চেলুন খনৰ মুখ্য দুৱাৰখন ট্ৰেন্সপাৰেণ্ট হ'ব লাগিব।
- ইউনিচেক্স পাৰ্লাৰত কৰ্মৰত কৰ্মচাৰী যোগ্যতা সম্পন্ন বা প্ৰকৃত ডিগ্ৰীধাৰী হ'ব লাগিব।
- পাৰ্লাৰ, স্পা চেলুনলৈ আহিবলগীয়া গ্ৰাহকৰ ফোন নম্বৰ আৰু ঠিকনা ৰাখিব লাগিব কৰ্তৃপক্ষই।
গুৱাহাটী পৌৰ নিগমে স্পষ্ট কৰি দিছে যে, মহানগৰীত কোনো লোকে চেলুন খোলা, বিউটী পাৰ্লাৰত কাম কৰাত কোনো ধৰণৰ বাধা নাই। কিন্তু নিগম পাব্লিক মৰেলিটী আইনক সন্মান কৰিবলৈ বাধ্য। গতিকে কিছুমান নিৰ্দেশনা সাপেক্ষেহে ট্ৰেড লাইচেঞ্চ জাৰি কৰিব প্ৰশাসনে।
উল্লেখ্য যে, চৰকাৰ প্ৰশাসনৰ এই নিয়মৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে গুৱাহাটী মহানগৰীৰ বহুকেইখন আগশাৰীৰ স্পা চাণ্টাৰ, বিউটি পাৰ্লাৰ আৰু মাছাজ পাৰ্লাৰ। চৰকাৰক শীঘ্ৰে এই জাননী বাতিল কৰিবলৈ জনাইছে দাবী। তেওঁলোকৰ যুক্তি, বন্ধ কৰক বাৰ, পাব ডান্সিং ক্লাৱ ইত্যাদি।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|