• Home
  • »
  • News
  • »
  • assam
  • »
  • 'মাছাজ পাৰ্লাৰ আৰু স্পা চেলুনত পুৰুষক মাছাজ দিব নোৱাৰিব মহিলাই'-গুৱাহাটী পৌৰনিগমৰ কঠোৰ নিৰ্দেশনা

'মাছাজ পাৰ্লাৰ আৰু স্পা চেলুনত পুৰুষক মাছাজ দিব নোৱাৰিব মহিলাই'-গুৱাহাটী পৌৰনিগমৰ কঠোৰ নিৰ্দেশনা

বিউটি পাৰ্লাৰ, হেয়াৰ কাটিং চেলুন, স্পা আৰু মাছাজ পাৰ্লাৰলৈ কঠোৰ নিৰ্দেশনা গুৱাহাটী পৌৰ নিগমৰ।

বিউটি পাৰ্লাৰ, হেয়াৰ কাটিং চেলুন, স্পা আৰু মাছাজ পাৰ্লাৰলৈ কঠোৰ নিৰ্দেশনা গুৱাহাটী পৌৰ নিগমৰ।

বিউটি পাৰ্লাৰ, হেয়াৰ কাটিং চেলুন, স্পা আৰু মাছাজ পাৰ্লাৰলৈ কঠোৰ নিৰ্দেশনা গুৱাহাটী পৌৰ নিগমৰ।

  • Share this:
বিউটি পাৰ্লাৰ, হেয়াৰ কাটিং চেলুন, স্পা আৰু মাছাজ পাৰ্লাৰলৈ কঠোৰ নিৰ্দেশনা গুৱাহাটী পৌৰ নিগমৰ। বহুলোকৰ পৰা পোৱা অভিযোগৰ ভিত্তিত কঠোৰ হৈছে GMC কৰ্তৃপক্ষ। বহুতে বিভিন্ন সময়ত অভিযোগ কৰে যে, মাছাজ পাৰ্লাৰ বা স্পা চেলুনত অনৈতিক কাৰ্য চলে। আৰু এনে অভিযোগৰ ভিত্তিতে পৌৰ নিগম কৰ্তৃপক্ষই পাৰ্লাৰসমূহলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।

জাননী অনুসৰিঃ

  • বিপৰীত লিংগৰ দ্বাৰা মাছাজ কৰাব নোৱাৰিব। অর্থাৎ কোনো পুৰুষক মহিলাই বা মহিলাই পুৰুষক মাছাজ দিব নোৱাৰিব।

  • কোনো ধৰণৰ পৃথক ৰূম অথবা চেম্বাৰ থাকিব নোৱাৰিব পাৰ্লাৰ আৰু স্পা চেলুনত।

  • নিৰ্দিষ্ট চেলুন খনৰ মুখ্য দুৱাৰখন ট্ৰেন্সপাৰেণ্ট হ'ব লাগিব।

  • ইউনিচেক্স পাৰ্লাৰত কৰ্মৰত কৰ্মচাৰী যোগ্যতা সম্পন্ন বা প্ৰকৃত ডিগ্ৰীধাৰী হ'ব লাগিব।

  • পাৰ্লাৰ, স্পা চেলুনলৈ আহিবলগীয়া গ্ৰাহকৰ ফোন নম্বৰ আৰু ঠিকনা ৰাখিব লাগিব কৰ্তৃপক্ষই।

Published by:Himangshu Bhuyan
First published: