Thengal Kachari Election result: অসমৰ চাৰি জিলাক সামৰি ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুঠ ২১টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হয়
Thengal Kachari Election result: অসমৰ চাৰি জিলাক সামৰি ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুঠ ২১টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হয়
ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে বিজয় ধ্বজা উৰুৱালে। বিজেপিয়ে ১৪টা সমষ্টিত জয়লাভ কৰাৰ বিপৰীতে অগপই ৩টা, কংগ্ৰেছে ৪টা আৰু নিৰ্দলীয়ই ১টা সমষ্টিত জয়লাভ কৰে। যোৱা ২০ জানুৱাৰীত অসমৰ চাৰি জিলাক সামৰি ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুঠ ২১টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হয় (Thengal Kachari Autonomous council election)।
লখিমপুৰ আৰু গোলাঘাট জিলাৰ লগতে তিতাবৰ মহকুমাত সংখ্যাগৰিষ্ঠতা লাভ কৰে শাসকীয় বিজেপি দলে। ডিব্ৰুগড় জিলাৰ একমাত্ৰ ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদীয় সমষ্টি ২২ নং মেৰবিল সমষ্টিত বিজেপি-মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে। লখিমপুৰ জিলাৰ ৫টা সমষ্টিৰ ৪টাত বিজেপি আৰু ১টা সমষ্টি অগপই দখল কৰে। গোলাঘাট জিলাত ৫টা সমষ্টিৰ ২টা সমষ্টিত বিজেপি মিত্ৰজোঁট, ২টাত কংগ্ৰেছ আৰু আনটোত অগপ মিটজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে৷
তিতাবৰত ১০টা পৰিষদীয় সমষ্টিৰ ৬টা সমষ্টিত বিজেপি প্ৰাৰ্থী জয়ী হয় আৰু এটা সমষ্টিত জয়ী হয় অগপ। আনহাতে ২টা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হোৱাৰ লগতে এটা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হয়।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|