গুৱাহাটী মহানগৰীত ক্ৰমান্বৰে বৃদ্ধি পাবলৈ লৈছে অপৰাধজনিত ঘটনা। ঠায়ে ঠায়ে উদ্ধাৰ হৈছে অচিনাক্ত মৃতদেহ।
গুৱাহাটী মহানগৰীত ক্ৰমান্বৰে বৃদ্ধি পাবলৈ লৈছে অপৰাধজনিত ঘটনা। ঠায়ে ঠায়ে উদ্ধাৰ হৈছে অচিনাক্ত মৃতদেহ।
গুৱাহাটী মহানগৰীত ক্ৰমান্বৰে বৃদ্ধি পাবলৈ লৈছে অপৰাধজনিত ঘটনা। ঠায়ে ঠায়ে উদ্ধাৰ হৈছে অচিনাক্ত মৃতদেহ। সংঘটিত হৈছে হত্যাকাণ্ড। ঠায়ে ঠায়ে চোৰে চলাইছে লুটপাত। দেওবাৰে দিন দুপৰতে হেঙেৰাবাৰী ইন্দ্ৰপুৰ লিচুবাগানৰ পল্লৱ বৰুৱা ঘৰত সংঘটিত হল চুৰি কাণ্ডৰ ঘটনা।
দুদিন পূৰ্বে ঘৰত কোনো নথকা অৱস্থাত চোৰে চলালে লুটপাত। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে কেইবা হাজাৰ টকাৰ লগতে লক্ষাধিক টকাৰ সোণৰ অলংকাৰ।চুৰিকাণ্ডৰ সকলো দৃশ্য বন্দী হ'ল চিচিটিভি কেমেৰাত। ইফালে এনেদৰে দিন দুপৰতে সংঘটিট হোৱা ঘটনাই শংকিত কৰি তুলিছে মহানগৰবাসীক।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|