হঠাৎ মৃত্যুক আঁকোৱালি লোৱা যোগেশৰ শৰীৰত নাই কোভিড–১৯ৰ সংক্ৰমণ, তেন্তে মৃত্যুৰ কাৰণ কি?

News18 Assam | News18-Assam
Updated:July 20, 2020, 2:30 PM IST
হঠাৎ মৃত্যুক আঁকোৱালি লোৱা যোগেশৰ শৰীৰত নাই কোভিড–১৯ৰ সংক্ৰমণ, তেন্তে মৃত্যুৰ কাৰণ কি?
যোগেশ থকা তিনিমহলীয়া ভৱনটোৰ এটা অংশত থকা এগৰাকী ভাড়াতীয়া যোৱা ১৪ জুলাইত কোভিড–১৯ত আক্ৰান্ত হোৱাত উক্ত ঘৰটো কণ্টেইনমেণ্ট জ’ন ৰূপে ঘোষণা কৰা হৈছিল।

যোগেশ থকা তিনিমহলীয়া ভৱনটোৰ এটা অংশত থকা এগৰাকী ভাড়াতীয়া যোৱা ১৪ জুলাইত কোভিড–১৯ত আক্ৰান্ত হোৱাত উক্ত ঘৰটো কণ্টেইনমেণ্ট জ’ন ৰূপে ঘোষণা কৰা হৈছিল।

  • Share this:
অৱশেষত এটা দুঃচিন্তাৰ পৰা মুক্ত হ’ল বহু লোক। কাৰণ দেওবাৰে পুৱা ঘৰৰ ভিতৰতে আকস্মিক মৃত্যুক আঁকোৱালি লোৱা যোৰহাটৰ ছ’হম শ্ব’পি নামৰ শ্ব’পিং মলটোৰ কৰ্মচাৰী যোগেশ হালৈৰ কোভিড–১৯ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে। উল্লেখযোগ্য যে দেওবাৰে পুৱা বিচনাত বহি টিভি চাই থকা অৱস্থাতে হঠাৎ মৃত্যু হৈছিল যোৰহাটৰ ২নং সোণাৰিগাঁৱত ভাড়াতীয়া হিচাপে থকা যোগেশ হালৈৰ।

যোগেশ থকা তিনিমহলীয়া ভৱনটোৰ এটা অংশত থকা এগৰাকী ভাড়াতীয়া যোৱা ১৪ জুলাইত কোভিড–১৯ত আক্ৰান্ত হোৱাত উক্ত ঘৰটো কণ্টেইনমেণ্ট জ’ন ৰূপে ঘোষণা কৰা হৈছিল। কণ্টেইনমেণ্ট হোমত থকা অৱস্থাতে যোগেশৰ হঠাৎ মৃত্যু হোৱা ঘটনাই সচকিত কৰি তুলিছিল বহু লোকক।

যোগেশৰ মৃত্যুৰ ঘটনাই কোভিড–১৯ পৰিস্থিতিৰ লগত জড়িত আন কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উদ্ৰেক ঘটাইছে। শেহতীয়া পৰিস্থিতিৰ ফলত মানসিকভাৱে বহু পৰিমাণে ভাগি পৰিছিল যোগেশ। সেই কথা তেওঁ দুই-এজনক ব্যক্তও কৰিছিল। দীঘলীয়া লকডাউন অব্যাহত থকাৰ ফলত নিজৰ চাকৰিটো থাকিবনে নাই তাক লৈয়ো দুঃচিন্তাৰ চাকনৈয়াত হাবুদুবু খাই আছিল যোগেশ। একপ্ৰকাৰ হতাশাই গ্ৰাস কৰিছিল যোগেশক।

"যোগেশ বহুত চিন্তাত আছিল। হতাশ হৈ পৰিছিল। আমি তাক বুজাইছিলো যে ভাল দিন সোনকালেই আহিব। টকা-পইচাৰ সমস্যা সকলোৰে থাকে। যোগেশে তাৰ পৰিয়ালটোৰ বাবে বহুত চিন্তা কৰিছিল। সন্তানটিক বহুত মৰম কৰিছিল। আমি তাক কৈছিলো কিবা প্ৰব্লেম হলে ক’বলৈ।", যোগেশৰ বন্ধু তথা সহকৰ্মী পিংকু গোস্বামীয়ে এনেদৰে কয়।

মানসিকভাৱে বহু পৰিমাণে দুৰ্বল হৈ পৰা যোগেশৰ মৃত্যুৰ কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে স্পষ্ট হ’ব। কিন্তু এয়া কেৱল যোগেশৰ কাহিনী নহয়। কোভিড–১৯ পৰিস্থিতিৰ ফলত মানসিকভাৱে অস্থিৰ হৈ পৰিছে বহু লোক, বহু পৰিয়াল। কিন্তু এইবোৰ কথা পোহৰলৈ আহে এটা জীৱন শেষ হৈ যোৱাৰ পিছতহে।
Published by: Sanjay Kumar Das
First published: July 20, 2020, 2:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি