• Home
  • »
  • News
  • »
  • assam
  • »
  • যোৰহাটত ৰে’লপথৰ কাষত উলংগ অৱস্থাত উদ্ধাৰ হোৱাৰ পিছত মৃত্যুমুখত পৰা মহিলাগৰাকী আছিল গৰ্ভৱতী

যোৰহাটত ৰে’লপথৰ কাষত উলংগ অৱস্থাত উদ্ধাৰ হোৱাৰ পিছত মৃত্যুমুখত পৰা মহিলাগৰাকী আছিল গৰ্ভৱতী

যোৱা ৬ আগষ্টৰ পুৱা গোলাঘাটৰ এটা এনজিঅ'ৰ পৰা পলাইছিল মহিলাগৰাকী। মানসিকভাৱে অস্থিৰ মহিলাগৰাকী ৰে’লযোগে যোৰহাটলৈ অহা বুলি সন্দেহ কৰা হৈছে।

  • Share this:
যোৱা ৭ আগষ্টৰ পুৱা যোৰহাটৰ ৰজাবাৰীত ৰে’ললাইনৰ কাষত উলংগ অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকীৰ সন্দৰ্ভত পোহৰলৈ আহিছে কেতবোৰ উদ্বেগজনক তথ্য। ৰাহিনা বেগম নামৰ মানসিকভাৱে অস্থিৰ মহিলাগৰাকী দুমাহৰ গৰ্ভৱতী আছিল। প্ৰায় তিনিমাহ পূৰ্বে বৰপেটাৰোডৰ ঘৰৰ পৰা পলাই অহা ৰাহিনা কেনেদৰে গৰ্ভৱতী হ’ল তাক লৈয়ো প্ৰশ্নৰ সৃষ্টি হৈছে।

যোৱা ৬ আগষ্টৰ পুৱা গোলাঘাটৰ এটা এনজিঅ'ৰ পৰা পলাইছিল মহিলাগৰাকী। মানসিকভাৱে অস্থিৰ মহিলাগৰাকী ৰে’লযোগে যোৰহাটলৈ অহা বুলি সন্দেহ কৰা হৈছে। কাৰণ জানিব পৰা মতে, গোলাঘাট ৰে’ল ষ্টেচন আৰু ফৰকাটিং জংছনত শনিবাৰে দেখা গৈছিল ৰাহিনাক। কিন্তু শনিবাৰে নিশা মহিলাগৰাকী ক’ত, কেনেদৰে আছিল সেই সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ৰাহিনা বেগম নামৰ প্ৰায় ৩২ বছৰ বয়সৰ এই মহিলাগৰাকী যোৰহাটৰ ৰজাবাৰীত ৰে’লপথৰ কাষত শৰীৰত বহুত আঘাত লৈ উলংগ অৱস্থাত কেনেদৰে পৰি ৰ’ল তাক লৈ সৃষ্টি হোৱা ৰহস্য বৰ্তমানো অব্যাহত আছে। মানসিকভাৱে অসুস্থ মহিলাগৰাকী কেনেদৰে গুৰুতৰভাৱে কেনেদৰে আহত হ’ল সেই সন্দৰ্ভতো কোনো স্পষ্ট কাৰণ পোহৰলৈ অহা নাই। যোৰহাট আৰক্ষীয়ে এই ঘটনাটো গুৰুত্ব সহকাৰে লৈ তদন্ত অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published: