অৰুণাচল প্ৰদেশৰ চিয়াং নদীৰ পানী হঠাৎ ঘোলা হৈ পৰাত পুনৰ চৰ্চালৈ আহিছে চীন। প্ৰশ্ন উত্থাপন হৈছে পুনৰ ব্ৰহ্মপুত্ৰৰ উৎসত বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে নেকি চীনে, চিয়াং নদীৰ জলস্তৰ বৃদ্ধি নোহোৱাকৈ কিহৰ বাবে এই পৰিৱৰ্তন?
শুক্ৰবাৰে সন্ধিয়াৰ পৰা হঠাৎ চিয়াং নদীৰ পানী ঘোলা হৈ পৰে। ৰঙা চীনে ব্ৰহ্মপুত্ৰৰ উৎস চাংপোত বান্ধ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰাৰ ফলতে নদীখনৰ এনে পৰিৱৰ্তন হৈছে নেকি তাক লৈও কৌতূহল হৈছে। ইয়াৰ পৰিৱৰ্তে তিব্বতৰ ভূমিস্খলনৰ ফলতো চিয়াং নদীৰ পানী পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।
উল্লেখ্য, পাঁচ বছৰৰ আগতেও কেইবাবাৰো চিয়াং নদীৰ বিভিন্ন পৰিৱৰ্তন দেখা গৈছিল। প্ৰথমে চিমেণ্ট মিশ্ৰিত পানী তাৰ পিছতে সাগৰ সদৃশ ঢৌ এইবাৰ আকৌ হঠাৎ পৰিৱৰ্তন হৈ বৈছে ঘোলাপানী ৷ চিয়াং নদীৰ এনে পৰিৱৰ্তন হোৱাক লৈ আতংকিত হৈ পৰিছে অসম - অৰুণাচল সীমান্তৰ নৈপৰীয়া ৰাইজ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|