মুখ্যপৃষ্ঠা »খবৰ »অসম »Nagaon Police: কেৰালাত নগাঁও আৰক্ষীৰ অভিযান, উদ্ধাৰ কৰিলে লাভ জেহাদৰ বলি হোৱা অসমীয়া যুৱতীক

Nagaon Police: কেৰালাত নগাঁও আৰক্ষীৰ অভিযান, উদ্ধাৰ কৰিলে লাভ জেহাদৰ বলি হোৱা অসমীয়া যুৱতীক

নগাঁও আৰক্ষীৰ এটা দলে যোৱা ৪মাৰ্চত কেৰালাত গ্ৰেপ্তাৰ কৰে ৰামিজুলক

নগাঁও আৰক্ষীৰ এটা দলে যোৱা ৪মাৰ্চত কেৰালাত গ্ৰেপ্তাৰ কৰে ৰামিজুলক

কেৰালাত আদালতলৈ নিয়াৰ পথতে আৰক্ষীৰ বাহনৰ পৰা জাপ দি পলায়নৰ চেষ্টা ৰামিজুলৰ

  • Share this:
নগাঁৱত পুনৰ সংঘটিত হৈছে এক লাভ জেহাদৰ ঘটনা। নগাঁৱৰ ৰূপহীহাটৰ ৰামিজুল ইছলাম নামৰ এজন যুৱকে মুন্না গগৈৰ নাম লৈ প্ৰেমৰ জালত বন্দী কৰিছিল এগৰাকী অসমীয়া যুৱতীক। আজিৰ পৰা ২মাহ পূৰ্বে ৰামিজুলে যুৱতীগৰাকীক লৈ কেৰালালৈ উধাও হয়। পিছে ৰামিজুলৰ প্ৰকৃত পৰিচয় জানিব পাৰি পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰে যুৱতীগৰাকীয়ে।

ইয়াৰ পিছতে নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাৰ নেতৃত্বত যোৱা নগাঁও আৰক্ষীৰ এটা দলে যোৱা ৪মাৰ্চত কেৰালাত গ্ৰেপ্তাৰ কৰে ৰামিজুলক। কিন্তু কেৰালাৰ আদালতলৈ অনাৰ পথতে আৰক্ষীৰ বাহনৰ পৰা জাপ দি পলায়নৰ চেষ্টা কৰি আহত হয় ৰামিজুল।

ইয়াৰ পিছতে আৰক্ষীয়ে আহত ৰামিজুলক কেৰালাত চিকিৎসালয়ত ভৰ্তি কৰে। অৱশেষত আজি নগাঁৱলৈ লৈ অনা হয় ৰামিজুলক। যুৱতীগৰাকীৰ মাতৃৰ এজাহাৰৰ ভিত্তিত ৰামিজুলৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে ১৮৯/২৩নম্বৰত এটা গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত।

উল্লেখযোগ্য যে, সামাজিক মাধ্যমত মুন্না গগৈৰ নাম দি ভুৱা একাউণ্ট খুলি যুৱতীগৰাকীক প্ৰেমৰ জালত বন্দী কৰিছিল ৰামিজুলে। ইয়াৰ পূৰ্বেও মৰিগাঁও আৰু নগাঁৱৰ জাজৰিত অনুৰূপ ঘটনা সংঘটিত হৈছিল।

শেহতীয়া বাতৰি