অসমত কেতিয়াৰ পৰা প্ৰযোজ্য হ’ব আনল’ক ৪.০ৰ গাইড লাইন? মুখ্য সচিবে জাৰি কৰিলে গুৰুত্বপূৰ্ণ জাননী

সমগ্ৰ দেশত প্ৰযোজ্য হোৱাকৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে আনল’ক ৪.০ৰ গাইড লাইন।
সমগ্ৰ দেশত প্ৰযোজ্য হোৱাকৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে আনল’ক ৪.০ৰ গাইড লাইন।
- News18 Assam
- Last Updated: August 31, 2020, 7:33 PM IST
মুখ্য সচিবগৰাকীৰ মতে, শিথিলতা প্ৰদানৰ পূৰ্বে পৰ্যালোচনাৰ প্ৰয়োজন আছে। চৰকাৰে এতিয়া পৰ্যালোচনা কৰি আছে। এই ক্ষেত্ৰত অহা ৪ ছেপ্তেম্বৰতহে সিদ্ধান্ত ল’ব ৰাজ্য চৰকাৰে। গতিকে অসমত ৪ ছেপ্তেম্বৰলৈকে বাহাল থাকিব পূৰ্বতে ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া আনল’ক ৩.০ৰ গাইড লাইন। উল্লেখযোগ্য যে, যোৱা ১৩ আগষ্টত ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছিল আন ল’ক ৩.০ গাইড লাইন। অহা ৪ ছেপ্তেম্বৰৰ পিছৰ পৰাহে আনল’কৰ সন্দৰ্ভত পৰৱৰ্তী সিদ্ধান্ত ল’ব ৰাজ্য চৰকাৰে।

- পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈকে পথৰ দুয়োকাষে খুলিব পাৰিব দোকান।
- ৫০ শতাংশ যাত্ৰীৰে সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা যাতায়াতৰ ব্যৱস্থা।
- ৫০ শতাংশ যাত্ৰীয়ে চিটি বাছ চলাচলত অনুমতি।
- ৰাজহুৱা পৰিবহণৰ সুবিধা। কোভিড প্ৰটক’ল মানি চলাটো বাধ্যতামূলক।
- নিশা ৯.৩০ বজাৰ পৰা পুৱা ৫ বজালৈকে সাধাৰণ লোকৰ চলা-ফুৰা বন্ধ।
- ৰাজহুৱা স্থানত গুটখা, সুৰাপান কৰা নিষেধ।
- ধৰ্মীয় অনুষ্ঠান, সামাজিক অনুষ্ঠান, ৰাজনৈতিক অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠানত ৫০ জনতকৈ অধিক মানুহ সমবেত হ’ব নোৱাৰিব।
- চিনেমা হল, ছুইমিং পুল, থিয়েটাৰ, প্ৰেক্ষাগৃহ বন্ধ থাকিব।
- কণ্টেইনমেণ্ট জনত নাথাকিব কোনো শিথিলতা। সম্পূৰ্ণ চলা-ফুৰা বন্ধ।
- শনিবাৰ আৰু দেওবাৰে ৰাজ্যত থাকিব সাপ্তাহিক ল’কডাউন।
- ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।