দেশৰ বাকী অংশৰ লগতে নগাঁও জিলাতো আজি প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি পৰিযোজনাৰ অধীনত “জন ঔষধি দিৱস ২০২৩” এক সজাগতা কাৰ্যসূচীৰে সৈতে পালন কৰা হয়। নগাঁও সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এই সজাগতা কাৰ্যসূচী অনুষ্ঠানত মুখ্য অতিথি হিচাপে বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে।
আজিৰ সজাগতা কাৰ্যসূচীত নগাঁৱৰ এগৰাকী জন ঔষধি কেন্দ্ৰ পৰিচালক মহম্মদ হাফিজুৰ ৰহমানক সন্মানীয় মুখ্য অতিথিৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয়। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি পৰিযোজনাৰ ৬ জন হিতাধিকাৰীক বিনামূলীয়াকৈ “জন ঔষধি কিট” প্ৰদান কৰা হয়।
উল্লেখনীয় যে সকলোৰে বাবে সুলভ মূল্যত ঔষধ উপলব্ধ কৰোৱাৰ উদ্দেশ্যেৰে ২০০৮ চনৰ নৱেম্বৰ মাহৰ পৰা 'প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি পৰিযোজনা' আৰম্ভ কৰা হৈছিল। এই আঁচনিখনে দেশৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সুলভ মূল্যত ঔষধৰ সহজলভ্যতা নিশ্চিত কৰে। পিএমবিজেপি আঁচনিৰ তালিকাত ১,৭৫৯ বিধ ঔষধ আৰু ২৮০ টা অস্ত্ৰোপচাৰ সঁজুলি সন্নিৱিষ্ট কৰা হৈছে। প্ৰতিবছৰে ৭ মাৰ্চৰ দিনটো 'জন ঔষধি দিৱস' হিচাপে পালন কৰা হয়। এই বছৰ পঞ্চমবাৰৰ বাবে 'জন ঔষধি দিৱস' উদযাপন কৰা হৈছে।
আজিৰ এই অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও লোকসভা সমষ্টিৰ প্রাক্তন সাংসদ ৰাজেন গোহাঁই, শিশু সাহিত্য ন্যাস অসমৰ সম্পাদক শ্ৰীযুত হৃষিকেশ গোস্বামী, জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, অসম চৰকাৰৰ স্বাস্থ্য সেৱাৰ সঞ্চালক শ্ৰীযুত নীলমাধৱ দাস, নগাঁও পৌৰসভাৰ সভাপতি অম্বিকা মজুমদাৰ, নগাঁৱৰ স্বাস্থ্য বিভাগৰ এডিচি প্ৰশান্ত বৰুৱা, নগাঁৱৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰূপজ্যোতি মহন্তকে প্ৰমুখ্য কৰি নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্তসকল, নগাঁও পৌৰ সভাৰ শীৰ্ষ বিষয়াসকল আৰু জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিভাগীয় মুৰব্বীকে ধৰি বহুকেইজন লোক উপস্থিত থাকে।
Published by: Subham Goswami
FIRST PUBLISHED : March 07, 2023, 22:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।