• Home
  • »
  • News
  • »
  • assam
  • »
  • আজিৰে পৰা অতীত হ’ব প্ৰতিজন গুৱাহাটীবাসীৰ স্মৃতি জড়িত হৈ থকা সেই গছজোপা...

আজিৰে পৰা অতীত হ’ব প্ৰতিজন গুৱাহাটীবাসীৰ স্মৃতি জড়িত হৈ থকা সেই গছজোপা...

প্ৰতিজন কটনিয়ানৰ আবেগ এই গছজোপা, নেহৰু পাৰ্কলৈ অহা প্ৰতিজন লোকৰ আপোন এই বটবৃক্ষ।

প্ৰতিজন কটনিয়ানৰ আবেগ এই গছজোপা, নেহৰু পাৰ্কলৈ অহা প্ৰতিজন লোকৰ আপোন এই বটবৃক্ষ।

প্ৰতিজন কটনিয়ানৰ আবেগ এই গছজোপা, নেহৰু পাৰ্কলৈ অহা প্ৰতিজন লোকৰ আপোন এই বটবৃক্ষ।

  • Share this:
প্ৰতিজন গুৱাহাটীবাসীৰে চিনাকি সেই গছজোপা। প্ৰতিজন মহানগৰবাসীৰ আপোন সেই গছজোপাৰ শীতল ছাঁ। কিমানৰ যে কিমান স্মৃতি জড়িত হৈ আছে গছজোপাৰ সৈতে! বছৰ বছৰ ধৰি বহু কাহিনীৰ সাক্ষী হৈ থিয় হৈ আছে এই গছজোপা। কিন্তু আজিৰে পৰা সকলো অতীত হ’ব। হেৰাই যাব বহু স্মৃতি, অতীত হ’ব বহু কাহিনী।

কটন কলেজৰ সন্মুখৰ সেই বৃহৎ গছজোপা আপুনি নিশ্চয় দেখিছে। বহুদিন হয়তো তাৰ ছাঁত জিৰণী লৈ দেহ জুৰ পেলাইছে, প্ৰশান্তিৰে ডাবৰ পানীৰ সোৱাদ লৈছে। পাণবজাৰলৈ সেই পথেৰে যোৱা প্ৰতিজন লোকেই হয়তো ইয়াৰ ছাঁত এবাৰ জিৰণী নোলোৱাকৈ পাৰ হৈ যোৱা নাই। ভাগৰুৱা পথিকৰ বাবে যেন শীতল কোলা এই গছজোপা।

প্ৰতিজন কটনিয়ানৰ আবেগ এই গছজোপা, নেহৰু পাৰ্কলৈ অহা প্ৰতিজন লোকৰ আপোন এই বটবৃক্ষ। বহু যুগৰে পৰা নেহৰু পাৰ্কলৈ সোমাই অহা প্ৰতিটো প্ৰেমিক যুগলৰ মিঠা আলাপ, বন্ধুবৰ্গৰ সন্ধিয়াৰ ৰসাল আড্ডাৰ নীৰৱ সাক্ষী এই গছজোপা। এই গছজোপাৰ বিশাল বাহুৰ তলতেই বহুতে কৰিছিল জীৱিকাৰ সন্ধান। সৰু মানুহৰ সৰু সপোনবোৰে গজাল মেলিছিল ইয়াৰ তলত।

কিন্তু এতিয়াৰে পৰা আৰু নাথাকিব আপোনাৰ আপোন এই গছজোপা। কাৰণ আজি কাটি পেলোৱা হ’ব বছৰ বছৰ ধৰি পাণবজাৰৰ ৰখীয়া হৈ থকা এই গছজোপা। নেহৰু পাৰ্কৰ গে’ট নিৰ্মাণৰ বাবেই কাটি পেলোৱা হ’ব সকলোৰে আপোন, সকলোৰে চিনাকি, প্ৰতিজন গুৱাহাটীবাসীৰ স্মৃতি জড়িত হৈ থকা গছজোপা। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই খবৰ।
Published by:Sanjay Kumar Das
First published: