• Home
  • »
  • News
  • »
  • assam
  • »
  • Assamese speaking population in india| দেশত আছে ১ কোটি ৫৩ লাখ অসমীয়াভাষী লোক, হিন্দীভাষী ৫২কোটি ৮৩ লাখৰ বিপৰীতে বাংলাভাষী আছে ৯ কোটি ৭২ লাখ 

Assamese speaking population in india| দেশত আছে ১ কোটি ৫৩ লাখ অসমীয়াভাষী লোক, হিন্দীভাষী ৫২কোটি ৮৩ লাখৰ বিপৰীতে বাংলাভাষী আছে ৯ কোটি ৭২ লাখ 

২০১১ চনৰ লোকপিয়লত প্ৰকাশ পোৱা এই তথ্য পুনৰ মঙলবাৰে লোকসভাৰ মজিয়াত উত্থাপন কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়(Union Home Ministry)-এ

২০১১ চনৰ লোকপিয়লত প্ৰকাশ পোৱা এই তথ্য পুনৰ মঙলবাৰে লোকসভাৰ মজিয়াত উত্থাপন কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়(Union Home Ministry)-এ

২০১১ চনৰ লোকপিয়লত প্ৰকাশ পোৱা এই তথ্য পুনৰ মঙলবাৰে লোকসভাৰ মজিয়াত উত্থাপন কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়(Union Home Ministry)-এ

  • Share this:
অসমৰ ৩কোটি ১১ লাখ জনসংখ্যাৰ ভিতৰত অসমীয়া কোৱা লোকৰ সংখ্যা হৈছে ১ কোটি ৫৩ লাখ । ২০১১ চনৰ লোকপিয়লত প্ৰকাশ পোৱা এই তথ্য পুনৰ মঙলবাৰে লোকসভাৰ মজিয়াত উত্থাপন কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়(Union Home Ministry)-এ। অসমৰ মুঠ জনসংখ্যাৰ ৪৯ শতাংশই অসমীয়া কয় । আনহাতে সমগ্ৰ দেশৰে ১.২৬ শতাংশ লোকে অসমীয়া ভাষাত কথোপকথন কৰে।

উল্লেখযোগ্য যে, সমগ্ৰ দেশতে ৫২কোটি ৮৩ লাখ হিন্দীভাষী আৰু ৯ কোটি ৭২ লাখ বাংলাভাষী লোক আছে । হিন্দী কোৱা লোক ৪৪.৬৩শতাংশ আৰু বাংলাভাষী ৮ শতাংশ । এই তালিকাত হিন্দী ভাষাই শীর্ষ স্থান দখল কৰিছে আৰু বাংলা দ্বিতীয় স্থানত আছে । অসমীয়া ভাষাৰ স্থান দ্বাদশ । সংবিধানৰ অষ্টম অনুসূচীত স্বীকৃতিপ্ৰাপ্ত বড়ো ভাষা কোৱা লোকৰ সংখ্যা ১৪ লাখ ৮২হাজাৰ। অসমীয়াকে ধৰি আন ১৪ ভাষাই ১৯৫০ চনৰ ২৬জানুৱাৰীৰ দিনা সাংবিধানিক মৰ্যাদা লাভ কৰিছিল।  বড়ো ভাষাই এই মৰ্যাদা পাইছিল ২০০৪চনত ।

এটা ভাষাক সাংবিধানিক মৰ্যাদা(Constitutional Recognition) প্ৰদান কৰাৰ কোনো নিৰ্ধাৰিত নিৰ্ণায়ক (Criteria) নাই বুলিও অৱগত কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে । বিশেষ প্ৰশ্নটোৰ উত্তৰ দি কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কিষণ ৰেড্ডীয়ে কয় – ভাষা বা দেৱানৰ বিৱৰ্তন এটা গতিশীল প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াক সাংস্কৃতিক, অৰ্থ-সামাজিক আৰু ৰাজনৈতিক উত্তৰণে প্ৰভাৱিত কৰে। যাৰ ফলত এটা নিৰ্দিষ্ট নিৰ্ণায়ক নিৰ্ধাৰণ কৰা সহজসাধ্য নহয় । তেওঁ লগতে কয় – এই সন্দৰ্ভত ২০০৩চনত কেন্দ্ৰীয় চৰকাৰে গঠন কৰা সীতাকান্ত মহাপাত্ৰৰ প্ৰতিবেদন অসম্পূৰ্ণ হৈ ৰৈছে । বিভিন্ন ৰাজ্যৰ বহু এনে প্ৰস্তাৱ কেন্দ্রৰ হাতত বৰ্তমানে বিবেচনাধীন হৈ আছে।

অসম ৰাজ্যত অসমীয়াভাষী লোক সংখ্যালঘুত পৰিণত হোৱাৰ আশংকা সময় সাপেক্ষে বহু ৰাজনীতিবিদ তথা শিক্ষাবিদে প্ৰকাশ কৰি আহিছে । পৰৱৰ্তী লোকপিয়লত এই পৰিসংখ্যা শতাংশৰ দিশৰ পৰা অধিক হ্ৰাস পাব বুলি বিশ্লেষকে মত ব্যক্ত কৰিছে।  আনহাতে ব্ৰহ্মপুত্ৰ উপত্যকাত পূৰ্ববংগীয় মূলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে লোকপিয়ল সমীক্ষকক অসমীয়াভাষী বুলি আত্ম পৰিচয় দিয়াৰ ফলতহে এই পৰিসংখ্যা প্ৰাপ্ত হৈছে বুলি একাংশই কয় । অৱশ্যে এনে যুক্তিৰ তথ্য ভিত্তিক ভেটি নাই । ২০২১চনত হ’বলগীয়া লোকপিয়ল এতিয়াও আৰম্ভ হোৱা নাই ।
Published by:Himangshu Bhuyan
First published: